পুনৰ এনকাউন্টাৰ! পলায়নৰ চেষ্টা কৰা ডকাইতলৈ গুলী আৰক্ষীৰ

: ৰাজ্যত পুনৰ সংঘটিত হৈছে এনকাউন্টাৰৰ ঘটনা। গোলাঘাট বাদুলীপাৰাত আৰক্ষীৰ এনকাউণ্টাৰ।

author-image
Asomiya Pratidin
New Update
পুনৰ এনকাউন্টাৰ! পলায়নৰ চেষ্টা কৰা ডকাইতলৈ গুলী আৰক্ষীৰ

ডিজিটেল ডেস্ক: ৰাজ্যত পুনৰ সংঘটিত হৈছে এনকাউন্টাৰৰ ঘটনা। গোলাঘাট বাদুলীপাৰাত আৰক্ষীৰ এনকাউণ্টাৰ।

Advertisment

ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰে। বৃহস্পতিবাৰে নিশা আৰক্ষীৰ গাড়ীৰ পৰা পলায়নৰ চেষ্টা অভিযুক্তই কৰোতেই গুলীচালনা কৰে।

আৰক্ষীৰ গুলীত আহত অকণি দাস নামৰ ডকাইতটো।ডকাইতটোৰ আক্রমণত আহত এজন কনিষ্টবল। আহত কনিষ্টবলজনৰ নাম নিপুল বৰুৱা।

দেৰগাঁৱৰ পৰা আৰক্ষীয়ে কৰায়ত্ত কৰিছিল অকণিক।গুৰুতৰভাৱে আহত অকণি দাসক চিকিৎসালয়লৈ প্রেৰণ কৰিছে।

আৰু পঢ়ক: সন্মুখত ভোগালীঃ নুমলীগড়ত এশ ফুট উচ্চতাৰ মেজি

assam encounter Assam police