সন্মুখত ভোগালীঃ নুমলীগড়ত এশ ফুট উচ্চতাৰ মেজি

ভোগালীক আদৰিবলৈ সাজু সকলো। ৰাজ্যজুৰি উখল-মাখল পৰিৱেশ। অসমীয়াৰ বাপতি সাহোন ভোগালীক আদৰিবলৈ সাজু ৰাজ্যৰ চৌপাশ।
সন্মুখত ভোগালীঃ নুমলীগড়ত এশ ফুট উচ্চতাৰ মেজি

ডিজিটেল সংবাদ, নুমলীগড় : ভোগালীক আদৰিবলৈ সাজু সকলো। ৰাজ্যজুৰি উখল-মাখল পৰিৱেশ। অসমীয়াৰ বাপতি সাহোন ভোগালীক আদৰিবলৈ সাজু ৰাজ্যৰ চৌপাশ।

নুমলীগড়ৰ মৰঙিৰ জাঠিপটীয়াত এশ ফুট উচ্চতাৰ এটা মেজি সাজিছে ৰাইজে। জাঠিপটীয়, মিঠাআম চাপৰি আৰু হালোৱাগাঁও এই তিনিখন গাঁৱৰ কাষ্টম হিয়েৰিং চেন্টাৰ কৃষি কাৰ্য্যৰ সৈতে সাঙুৰ খাই থকা এটা গোটে ঐক্যবদ্ধ হৈ আয়োজন কৰিছে উৰুকাৰ মেজি। এশ ফুট উচ্চতাৰ এটা মেজি সাজিছে সকলোৱে মিলি।

আদিবাসী, গোৰ্খা আদি বিভিন্ন সম্প্ৰদায়ৰ লোক ঐক্যবদ্ধ হৈ সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰি ভোগালীক আদৰিবলৈ সাজু হৈছে। এক সুন্দৰ আৰু আকৰ্ষণীয় পৰিৱেশ। কোনোৱে নাচিছে, কোনোৱে আকৌ সাজিছে মেজি । তাৰ মাজতেই কোনোৱে আকৌ এটি বিহুগীত গাই নাচি বাগি মতলীয়া হৈ পৰিছে। মহিলাসকলৰ গাতো তৰনি নাই । নাচি বাগি আত্মহাৰা হৈ পৰিছে চেনেহৰ ভোগালীক আদৰিবলৈ।

আৰু পঢ়ক: সৰ্বভাৰতীয় স্তৰত ক্ৰীড়াত লামডিঙৰ সংগীতা বৰুৱাই কঢ়িয়াই আনিলে সোণ আৰু ব্ৰঞ্জৰ পদক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in