/asomiyapratidin/media/media_files/2025/07/04/312-2025-07-04-23-35-00.jpg)
ডিজিটেল ডেস্ক : অসম - মেঘালয়ৰ মাজত চলি থকা দীৰ্ঘদিনীয়া সীমা বিবাদ সমাধানৰ দিশত গ্ৰহণ কৰা হৈছে এক গুৰুত্বপূর্ণ পদক্ষেপ। চুবুৰীয়া ৰাজ্য দুখনৰ মাজত সীমা বিবাদিত অঞ্চলসমূহৰে এটাত ৪ জুলাই ২০২৫ শুকুৰবাৰে প্ৰথমটো সীমা স্তম্ভ স্থাপন কৰা হৈছে - এই কথা সামাজিক মাধ্যমযোগে সদৰী কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
এই সীমা স্তম্ভ স্থাপনে ভগ্নী ৰাজ্যৰ মাজত বন্ধুত্বৰ এক উন্নত সাঁকো নিৰ্মাণ কৰিব । অৰ্থাৎ দুয়োখন ৰাজ্যৰ জনসাধাৰণ আৰু প্ৰশাসনৰ বাবে এতিয়া সঠিক ন্যায়িক সীমা স্পষ্ট হৈ উঠিব। লগতে এসময়ৰ ধূসৰ অঞ্চলবোৰত অৱশেষত চৰকাৰী শাসন ব্যৱস্থা প্ৰণালী নৱ ৰূপত উদ্ভাসিত হ'ব বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই উল্লেখ কৰে ৷
আজিৰ এই সীমা স্তম্ভ স্থাপন সম্পৰ্কে মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত লিখিছে এইদৰে- “১৯৭২ চনত মেঘালয় ৰাজ্য গঠন হোৱাৰ লগে লগে অসমৰ সৈতে ৰাজ্যখনৰ এক গুৰুত্বপূৰ্ণ সীমাৰ অংশ অস্পষ্ট হৈ পৰে। ইয়াৰ ফলত দুয়োখন ৰাজ্যৰ মাজত সময়ে সময়ে বহু সময়ত উত্তেজনা আৰু বিভ্ৰান্তিৰ সৃষ্টি হয়।
সময় এনেদৰেই অতিবাহিত হৈ থকাৰ ৫০টা বৰ্ষৰ পাছত ২০২২ চনত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্ব আৰু মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ উপস্থিতিত অসম আৰু মেঘালয়ৰ মাজত ১২টা বিবাদিত অঞ্চলৰ ৬টা এলেকাত আমাৰ সীমা নিৰ্ধাৰণ আৰম্ভ কৰিবলৈ এক ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হয়। ঐতিহাসিক চুক্তিখনিৰ কাৰ্যকৰী সমাধান হিচাপে প্ৰথম সীমা স্তম্ভ এতিয়া স্থাপন কৰা হৈছে। আমি বিশ্বাসী যে এই স্তম্ভবোৰে আমাৰ ভগ্নী ৰাজ্যৰ মাজত বন্ধুত্বৰ এক উন্নত সাঁকো নিৰ্মাণ কৰিব।
অৰ্থাৎ দুয়োখন ৰাজ্যৰ জনসাধাৰণ আৰু প্ৰশাসনৰ বাবে এতিয়া সঠিক ন্যায়িক সীমা স্পষ্ট হৈ উঠিব। লগতে এসময়ৰ ধূসৰ অঞ্চলবোৰত অৱশেষত চৰকাৰী শাসন ব্যৱস্থা প্ৰণালী নৱ ৰূপত উদ্ভাসিত হ'ব৷”
এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, মেঘালয় আৰু অসমৰ দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে যোৱা ২ জুনত গুৱাহাটীত এক যুটীয়া সংবাদমেল সম্বোধন কৰিছিল। এই সংবাদমেলত আগন্তুক স্বাধীনতা দিৱসৰ পূৰ্বে ৫টা বিবাদিত অঞ্চলত সীমা স্তম্ভ স্থাপন কৰা হ’ব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীদ্বয়ে।