সীমান্তত উত্তেজনা! অসমৰ বাহন দিলে জ্বলাই, চৰকাৰে জাৰি কৰিলে নিৰ্দেশনা

অসম-মেঘালয়ত বৰ্তমান উত্তপ্ত পৰিস্থিতি। মঙলবাৰে অসম-মেঘালয় গুলীয়াগুলীৰ ফলত অসমৰ এজন গৃৃহৰক্ষী আৰু মেঘালয়ৰ ৫ জন লোক নিহত হয়।

author-image
Asomiya Pratidin
New Update
সীমান্তত উত্তেজনা! অসমৰ বাহন দিলে জ্বলাই, চৰকাৰে জাৰি কৰিলে নিৰ্দেশনা

ডিজিটেল ডেস্ক: অসম-মেঘালয়ত বৰ্তমান উত্তপ্ত পৰিস্থিতি। মঙলবাৰে অসম-মেঘালয় গুলীয়াগুলীৰ ফলত অসমৰ এজন গৃৃহৰক্ষী আৰু মেঘালয়ৰ ৫ জন লোক নিহত হয়। তাৰ পাছতেই অধিক উত্তপ্ত হৈ পৰে পৰিস্থিতি।

Advertisment

পৰৱৰ্তী সময়ত মেঘালয়ৰ কেইবাখনো জিলাত ইন্টাৰনেট সেৱা বন্ধ কৰি দিয়া হয় লগতে সকলো ধৰণৰ চৰকাৰী কাৰ্যসূচী বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে মুখ্যমন্ত্ৰী কনৰাড চাংমাই। এই ঘটনা সন্দৰ্ভত অসম চৰকাৰক দোষাৰোপ কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই।

ইয়াৰ মাজতেই সন্ধিয়াৰ ভাগত পুনৰ শ্বিলঙত অসমৰ বাহনত অগ্নিসংযোগ কৰে মেঘালয়ৰ দুৰ্বৃত্তই। যাত্ৰীবাহী স্কোৰপিঅ বাহনত অগ্নিসংযোগ কৰাৰ লগে লগে অসমৰ বাহনৰ প্ৰৱেশত বাধা দিয়ে মেঘালয়ত। নিৰাপত্তা জনিত কাৰণত এই পদক্ষেপ গ্ৰহণ কৰে অসম আৰক্ষীয়ে।

উল্লেখ্য যে, এই সমগ্ৰ ঘটনাৰ বাবে ইতিমধ্যে অসম চৰকাৰে কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। অসম চৰকাৰে পশ্চিম কাৰ্বি আংলঙৰ এছ পি ইমদাদ আলিক বদলি কৰাৰ নিৰ্দেশ প্ৰদান কৰে। জিৰিকিন্দিং আৰক্ষী থানাৰ অচি কাজল নাথক নিলম্বন কৰে। লগতে মৃত সকলৰ পৰিয়াললৈ ৫ লাখ টকাৰ এককালীন সাহায্য প্ৰদানৰ ঘোষণা কৰে।

তদুপৰি অসম চৰকাৰে জাৰি কৰা নিৰ্দেশনাটোত কয় যে সীমান্তত ৬ জন লোকৰ মৃত্যু হোৱা হিংসাৰ তদন্ত এটা কেন্দ্ৰীয় বা নিৰপেক্ষ সংস্থাক হস্তান্তৰ কৰিব। অন্যহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই পৰ্যন্ত কোনো ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই।

আৰু পঢ়ক: ''মই মোৰ পত্নীক হত্যা কৰিছো'' আৰক্ষীলৈ এটা ফোন আৰু পাছত...

conrad changma assam meghalaya himanta biswa sarma