/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/a766b9f2-9419-44fc-a2c4-33bb97931c73/karate_11.jpg)
দ্বিতীয় 'উত্তৰ পূব অলিম্পিক-২০২২' লৈ ৩০ জনীয়া কাৰাটেৰ দল ৰাওনা
ডিজিটেল ডেস্কঃ মেঘালয়ত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় উত্তৰ পূব অলিম্পিক ক্ৰীড়া-২০২২ প্ৰতিযোগিতাত ভাগ ল’বৰ বাবে ১১ অক্টোবৰ, শুকুৰবাৰে অসম ৰাজ্যিক কাৰাটে সন্থাৰ দ্বাৰা নিৰ্বাচিত দলটো ৰাওনা হৈছে। প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে যোৱা দলটোৰ নেতৃত্ব দিছে ত্ৰিদীপ গগৈয়ে। আনহাতে দলটোৰ প্ৰশিক্ষক হিচাপে আছে বুলবুল বসুমতাৰী আৰু জ্যোতি ৰাজগুৰু।
প্ৰতিযোগিতাখনত বিভিন্ন শাখাত অসমক প্ৰতিনিধিত্ব কৰিবলগীয়া পুৰুষ খেলুৱৈসকল ক্ৰমে ৰাজীৱ দেৱনাথ, অবিনাশ দাস, হীৰক দাস, ৰাজনন্দন শইকীয়া, আকাশদ্বীপ গগৈ, বিতুপন শইকীয়া, হিমাংশু চহৰীয়া, অশ্বিনী তেৰন, তীৰ্থাংকৰ বৈশ্য, হীৰক জ্যোতি পটংগীয়া আৰু ছফিকুল ৰহমান।
আনহাতে মহিলাৰ দলোটত আছে আনছাৰী বসুমতাৰী, কস্তুৰিকা নাৰ্জাৰী, হিমামণি তেৰন, ৰিম্পি বৰা, সংগীতা ৰাভা, ময়ুৰাক্ষী দাস, ইমন গগৈ, জাহ্নৱী দেৱী, পম্পী খাটুন আৰু অভিৰূপা কাশ্যপ।
উল্লেখ্য যে, অহা ১৩ নৱেম্বৰৰ পৰা ১৬ নৱেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনলৈ ৰাওনা হোৱাৰ পূৰ্বে অসম ৰাজ্যিক কাৰাটে সন্থাৰ দ্বাৰা নিৰ্বাচিত দলটোক সন্থাৰ সভাপতি দিগন্ত কলিতা, সম্পাদক আদৰ্শ চৌধুৰীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে।
ক্লিক কৰি পঢ়কঃ মৰাণত এখোজ আগলৈ "জ্যোতিষ্মান“