দ্বীবন-অনুৰাগক ১০ লক্ষাধিক টকা দিয়াৰ স্বীকাৰোক্তি আন এগৰাকীৰ

দ্বীবন-অনুৰাগক ১০ লক্ষাধিক টকা দিয়াৰ স্বীকাৰোক্তি প্ৰদান কৰিছে আন এগৰাকী মহিলাই

author-image
Asomiya Pratidin
New Update
দ্বীবন-অনুৰাগক ১০ লক্ষাধিক টকা দিয়াৰ স্বীকাৰোক্তি আন এগৰাকীৰ

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ পোহৰলৈ অহা ৰাজ্যৰ চাকৰিৰ ক'লা বেহাত টকা দিয়াৰ কথা স্বীকাৰ আন এগৰাকীৰ। বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ ঘটনাই পোহৰলৈ অনা এই বেহাত ইজনৰ পাছত সিজন বিজেপি নেতাৰ নাম সাঙুৰ খোৱাৰ পাছত নতুনকৈ আন এগৰাকী মহিলাই এই সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ কথা পোহৰলৈ আহিছে।

খবৰ অনুসৰি শান্তনা ডেকা নামৰ এগৰাকীয়ে দ্বীবন আৰু অনুৰাগ গেঙক টকা দিয়াৰ কথা অৱগত কৰি এজাহাৰ দাখিল কৰে । চাকৰিৰ বাবে শান্তনাই দ্বীবন আৰু অনুৰাগ গেঙক ১৩ লাখ টকা দিছিল বুলি উল্লেখ কৰে। শনিবাৰে চানমাৰি থানাত শান্তনা ডেকাই এই এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে। 

ইপিনে উক্ত দিনাই সদ্য বহিস্কৃত বিজেপি নেত্ৰী তৃষ্ণ শৰ্মাকো এই বেহাত জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছে চানমাৰি আৰক্ষীয়ে। তদুপৰি এই ঘটনাত বিজেপি নেতা শান্তনু পূজাৰীৰ নাম সাঙুৰ খোৱাত ঘটনা শিপাই বিজেপিৰ বৰঘৰ চুইছে। এই ঘটনাই যে বিজেপিৰ ভিতৰচ'ৰাক বাৰুকৈয়ে কঁপাইছে সেয়া স্পষ্ট।

Also Read: চাকৰি বেচা-কিনাৰ অভিযোগত গ্ৰেপ্তাৰ সদ্য বহিস্কৃত বিজেপি নেত্ৰী তৃষ্ণ শৰ্মা...

Assam police GOVT OF ASSAM