চাকৰি বেচা-কিনাৰ অভিযোগত গ্ৰেপ্তাৰ সদ্য বহিস্কৃত বিজেপি নেত্ৰী তৃষ্ণ শৰ্মা...

চাকৰি বেচা-কিনাৰ অভিযোগত গ্ৰেপ্তাৰ সদ্য বহিস্কৃত বিজেপি নেত্ৰী তৃষ্ণ শৰ্মা...

author-image
Asomiya Pratidin
New Update
চাকৰি বেচা-কিনাৰ অভিযোগত গ্ৰেপ্তাৰ সদ্য বহিস্কৃত বিজেপি নেত্ৰী তৃষ্ণ শৰ্মা...

ডিজিটেল ডেস্কঃ ৰাজ্যত শেহতীয়াকৈ উন্মোচিত হোৱা টকাৰ বিনিময়ত চাকৰি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে আন এগৰাকী বিজেপি নেত্ৰী। বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাই উন্মোচিত কৰা বিজেপি চৰকাৰৰ নিকা নিযুক্তিৰ নমুনাত নাম সাঙুৰ খাই গ্ৰেপ্তাৰ হৈছে ইজনৰ পাছত সিজন বিজেপি নেতা-কৰ্মী। শনিবাৰে সন্ধিয়াৰ ভাগত ঘটনাৰে জড়িত থকাৰ অভিযোগত প্ৰাক্তন বিজেপি নেত্রী তৃষ্ণ শৰ্মা চানমাৰি আৰক্ষীৰ জালত পৰে।

Advertisment

ইন্দ্ৰাণীৰ আত্মহননৰ পাছতেই আপত্তিজনক ফটো ভাইৰেল কৰাক কেন্দ্ৰ কৰি কেইবাজনো বিজেপি নেতা-কৰ্মীক চানমাৰি আৰক্ষীয়ে জেৰা কৰিছে। এই জেৰাতেই উন্মোচিত হৈছে ৰাজ্যত টকাৰ বিনিময়ত চাকৰি বেচা-কিনা কৰাৰ তথ্য। আৰক্ষীৰ তদন্তত পোহৰলৈ অহা এই ঘটনাৰ বাবে শনিবাৰে সন্ধিয়া গ্ৰেপ্তাৰ হয় সদ্য বহিস্কৃত বিজেপি নেত্রীগৰাকী।

জানিব পৰা মতে, ইন্দ্ৰাণী ঘটনাৰ মূল অভিযুক্ত অনুৰাগ চলিহাক চাকৰিৰ নামত তৃষ্ণা শৰ্মাই ৪০ লাখ টকা দিয়াৰ কথা পোহৰলৈ আহে। অৱশ্যে এই কথা ইন্দ্ৰাণীৰ আত্মহননৰ পাছতেই নেত্ৰীগৰাকীয়ে অনুৰাগৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি সাংবাদিকৰ আগত কৰা ভাষ্যত অনুৰাগক টকা দিয়াৰ কথা স্বীকাৰ কৰিছিল। আৰক্ষীৰ তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি এই বেহাত জড়িত আছিল তৃষ্ণা শৰ্মাও।

ইপিনে এই ঘটনা শিপাই বিজেপিৰ বৰঘৰ চুইছেগৈ। শনিবাৰৰ দিনটোত আৰক্ষীৰ জেৰাত দ্বীবন ডেকা আৰু অনুৰাগ চলিহাই নাম লয় যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী বিজেপি নেতা শান্তনু পূজাৰীৰ। শান্তনু পূজাৰী বিজেপিৰ অসম প্ৰদেশৰ কাৰ্যালয় অধ্যক্ষ, এ আই আই ডি চিৰ অধ্যক্ষৰ দায়িত্বত আছে।

ইয়াৰোপৰি তেওঁ অন্যান্য দুই এটা দ্বায়িত্বতো নাম থকা দেখা যায়। আৰক্ষীৰ জেৰাত দুই অভিযুক্তই প্ৰকাশ কৰা অনুসৰি শান্তনু পূজাৰীয়ে বহু চাকৰি প্ৰত্যাশী প্ৰাৰ্থীৰ পৰা লাখে লাখে ধন সংগ্ৰহ কৰিছিল। তদুপৰি ইন্দ্ৰাণী তহবিলদাৰৰ ফটো ভাইৰেল কৰা কাণ্ডৰ সৈতেও এইগৰাকী বিজেপি নেতা জড়িত থকাৰ কথা পোহৰলৈ আহিছে।

Also Read: বিলাসীপাৰাৰ কুৰ্শাকাটীত ভয়ংকৰ হত্যাকাণ্ড

Assam police