অনলাইন জুৱা : এটা প্ৰশ্ন আৰু এটা উত্তৰ

অনলাইন জুৱা : এটা প্ৰশ্ন আৰু এটা উত্তৰ

সামাজিক মাধ্যমত অনলাইন জুৱা এপ, লটাৰী আৰু অনুৰূপ গেম খেলিবলৈ প্ৰৰোচিত কৰা একাংশ ইনফ্লুৱেঞ্জাৰ, ইউটিউবাৰ, ডিজিটেল ক্ৰিয়েটৰৰ বিৰুদ্ধে মানুহ সৰৱ হৈ পৰিছে। বহুদিনৰ পৰাই চলি থকা জুৱাৰ এই প্ৰমোচনেল বিজ্ঞাপনৰ পৃষ্ঠপোষকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহনৰ দাবী উঠিছে।

পাপৰি কলিতা নামৰ অসম আৰক্ষীৰ এগৰাকী কামাণ্ডো জোৱানক এনে কাৰ্যৰ বাবে নিলম্বন কৰাৰ পাছত বিষয়টো অধিক চৰ্চিত হৈ পৰিছে। জুৱাৰ অনলাইন গেম ডাউনলোড কৰি সাধাৰণ লোকক সেই গেম বা জুৱা খেলি লাখ টকা উপাৰ্জন কৰা সপোন দেখুৱাই এইসকলে অতি কৌশলেৰে।

অনলাইন গেমছ বা জুৱাৰ এপছৰ হাতোৰাত পৰা এইসকল ডিজিটেল ক্ৰিয়েটৰে দেখা-দেখিকৈ আইন ভংগৰে তেনে বিজ্ঞাপন দি সমাজলৈ বিপদ মাতি আনিছে। তেনে ইউটিউবাৰৰ তালিকাত অতি প্ৰভাৱশালী লোকো আছে।

আৰক্ষী কনিষ্টবলগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন কৰাৰ পাছত আসাম জেট নামৰ পেজটোৰ গৰাকীৰ বিৰুদ্ধে কিয় ব্যৱস্থা লোৱা নাই সেই প্ৰশ্ন উঠিছে। মৰিগাঁও জিলাৰ অন্তৰ্গত এখন প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত শিক্ষক লাবুমণি আমাচাঙে বিভিন্ন অনলাইন জুৱাৰ বি়জ্ঞাপন দি আহিছে।

শিক্ষাৰ বৃত্তিত নিয়োজিত এইগৰাকী ডিজিটেল ক্ৰিয়েটৰৰ তেনে বহু বিজ্ঞাপন বা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। তথাপিও প্ৰশাসন তথা শিক্ষা বিভাগে এই যিগৰাকী শিক্ষকৰ বিৰুদ্ধে ৰহস্যজনক কাৰণত ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ উঠিছে।

এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে যদি এনে কামত নিয়োজিত হৈ থাকে তেনে ইয়াৰ প্ৰভাৱ সমাজ তথা ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত কিদৰে পৰিব সেয়া সহজতে অনুমান কৰিব পাৰি। বিভিন্ন মাধ্যমত এই শিক্ষকজনে এনে জুৱাৰ এপছ ডাউনলোড কৰি জুৱা খেলিবলৈ আহ্বান জনোৱা তথ্য ইতিমধ্যে ফাদিল হৈছে।

এনে খবৰো আছে যে, এইগৰাকী শিক্ষকৰ সৈতে এজন স্থানীয় মন্ত্ৰীৰ সু-সম্পৰ্ক থকাৰ সূত্ৰে তেঁওৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নাই প্ৰশাসনে। যিগৰাকী মন্ত্ৰীৰ সৈতে শিক্ষকজনৰ সম্পৰ্ক থকাৰ বাবে ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ উঠিছে সেই মন্ত্ৰীগৰাকীয়ে এই অভিযোগৰ সন্দৰ্ভত জ্ঞাত নে অজ্ঞাত সেয়াও আন এক বিষয়।

বিভিন্ন সময়ত অতি সক্ৰিয় হৈ থকা মন্ত্ৰীগৰাকীয়ে যদি সঁচাকৈয়ে এনে শিক্ষকক ৰক্ষণাবেক্ষণ দিছে, তেনে এয়া হ’ব সমাজৰ বাবে অতি দুৰ্ভাগ্যৰ বিষয়। মৰিগাঁও জিলা শিক্ষা বিভাগ বা জিলাখনৰ প্ৰশাসনে সেই অভিযোগ মিছা বুলি প্ৰমাণ কৰাৰ সময় এয়া।

এনে পদক্ষেপে শিক্ষাৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত কোনো লোকেই যাতে এইধৰণৰ কাম কৰিবলৈ সাহস নাপাই তাৰ এক নজিৰ হৈ থাকিব। ব্যাপকৰূপত এই শিক্ষক তথা এনে কাৰ্য কৰা ডিজিটেল ক্ৰিয়েটৰসকলৰ বিৰুদ্ধে এক শক্তিশালী জনমত গঢ়ি উঠিছে।

প্ৰশাসন বা শিক্ষা বিভাগে এতিয়া নিজৰ অস্তিত্ব প্ৰমাণ কৰাৰ সময় এয়া। আনহাতে আন এগৰাকী ইউটিউবাৰে তেঁওৰ বিৰুদ্ধে উত্থাপিত অভিযোগ নাকচ কৰিছে। বিকাশ ছেত্ৰী নামৰ ইউটিউবাৰগৰাকীয়ে হয়তো পাহৰি গৈছে তেঁওৰ ভিডিঅ’তে এইধৰণৰ অনলাইন গেম বা আৰ্থিকভাৱে জুৰুলা হ’ব পৰা খেল খেলিবলৈ আহ্বান জনাইছিল।

‘আজি পুৰা খালো’ শীৰ্ষক এক ভিডিঅ’ তেঁও দুবছৰ পূৰ্বে ইউটিউবত আপলোড কৰিছিল। সেই ভিডিঅ’ৰ ডেচক্ৰিবশ্বনতে আৰ্ন অন আই কিউ অপচন ৰেজিষ্টাৰ্ট অনলি থ্ৰু ডিছ লিংক বুলি এটা লিংক দিছিল।

৬০শতাংশ বনাচ কেনেকৈ ডিপোজিত হ’ব তাৰো লোভ দিছিল বিকাশ ছেত্ৰীয়ে। ইণ্ডিয়ান ক্লিয়াৰিং কো-অপাৰেচন লিমিটেড চমুকৈ আই চি চি এল এক্সেঞ্জ নামত ডি এম কুণ্টল শ্বেয়াৰ এণ্ড ষ্ট’কছ বুকাৰ্ছ প্ৰাইভেট লিমিটেডৰ আছিল এই লিংকটো।

য’ত ইয়াত বিনিয়োগ কৰিলে নিজৰ ৰিস্কত সেই ধন বিনিয়োগ কৰিবলৈ প্ৰথমে সতৰ্ক কৰি দিয়া আছে। IQ OPTION APPSত ইয়াৰ পঞ্জীয়ন নম্বৰ উল্লেখ আছিল- CIN : U67120 MH 1998PTC117087 বুলি।

এই এপছৰ ছিকোৰিটীছ এণ্ড এক্সেঞ্জ ব’ৰ্ড অৱ ইণ্ডিয়া (SEBI)লাইচেঞ্চ নং- INEO11045037। কিন্তু এই এপছটোৱে ৰাজহুৱা কৰা পঞ্জীয়ন নম্বৰ আৰু SEBIৰ পঞ্জীয়ন নম্বৰৰ মাজত পাৰ্থক্য থকাৰ লগতে আৰ বি আইৰ বহু গাইডলাইন ভংগ কৰাৰ কাৰণে এই এপছটোক অবৈধ ঘোষণা কৰি থৈছে।

সেয়েহে তেনে এপছ ব্যৱহাৰে ধন বিনিয়োগ কৰাতো বা এই এপছৰ জৰিয়তে কাৰোবাক ধন বিনিয়োগ কৰিবলৈ উৎসাহিত কৰাতো অপৰাধ। আৰ বি আয়ে সতৰ্কতা জাৰি কৰি যি ৭৫টা ট্ৰেডিং এপছৰ ওপৰত বাধা আৰোপ কৰিছিল তেনে এটা এপছৰ প্ৰমোচন কৰিছিল বিকাশ ছেত্ৰীয়ে।

ইউটিউবাৰগৰাকীয়ে কেৱল এয়াই নহয় আন কিছু ভিডিঅ’টো এইধৰণৰ অনলাইন গেমছ খেলিবলৈ মানুহক আহ্বান আৰু উৎসাহিত কৰা উদাহৰণ আছে। ৫কোটি টকালৈকে বিনামূল্যে খেলি অৰ্জন কৰা সপোন দেখুৱাইছিল তেঁও।

আনকি তেঁও গেমজি নামৰ খেল খেলি ৰামি, অনলাইন লুডুৰ দৰে ধন কেনেকৈ ঘটিব পাৰি সেই ভিডিঅ’ প্ৰস্তুত কৰি সামাজিক মাধ্যমত দিছিল। তেঁওৰ নিজৰ ভিডিঅ’বোৰ ভালদৰে চালেই সেইবোৰ দেখিব।

তেঁও কৈছিল- চাইনআপ বনাচ কেনেকৈ পাব পাৰি, ডিপোজিত বনাচ লাভ কৰিব পাৰি তাৰো কিটিপ দিছিল নিজৰে এটা ভিডিঅ’ত। তেঁওৰ নাম এনে গেম লিংক এপছ প্ৰমোচনৰ ইউটিউবাৰৰ তালিকাত অহাৰ পাছত প্ৰশ্ন কৰিছিল- ক’ত তেঁও এই কাম কৰিছে ? সেই প্ৰশ্নৰ উত্তৰ তেঁও এতিয়া নিশ্চয় পাইছে।

কোনোবাই ভাল কণ্টেন্ট প্ৰস্তুত কৰাত কাৰোৰে আপত্তি নাই। সেয়া তেঁওলোকৰ নিজস্ব বিষয়। কিন্তু এইধৰণে জুৱা-লটাৰী খেলৰ পৃষ্ঠপোষকতা মুকলিকৈ কৰা সকলৰ বিৰুদ্ধে দিয়া ব্যৱস্থা গ্ৰহন কৰা নহ’ব সেই প্ৰশ্নহে ব্যাপকভাৱে উত্থাপিত হৈছে।

শিক্ষক হৈও এনে কাৰ্য কৰা সকলৰ লগতে সামাজিক দায়ৱদ্ধতাৰ এনে কাম কৰা সকলে ভুল স্বীকাৰ কৰি লওক। এই ভুল উদঙাই দিয়াৰ পাছতো যিসকলে প্ৰত্যাহ্বানমূলক মনোভাবেৰে মোৰ যি ইচ্ছা তাকে কৰিম বুলি উফাইদাং মাৰিছে আইন-প্ৰশাসনে নিশ্চয় নিজৰ কাম কৰিব। এই আশা আৰু বিশ্বাস জনসাধাৰণে ৰাখিছে ।

অনলাইন জুৱা : এটা প্ৰশ্ন আৰু এটা উত্তৰ
গান্ধী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in