/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/5a6985aa-82ac-4965-8153-7b4dced3a1aa/ajp.jpg)
দলীয় পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ কৰিলে সভাপতি লুৰিণজ্যোতি গগৈয়ে
ডিজিটেল সংবাদ,মথুৰাপুৰঃ মথুৰাপুৰত অসম জাতীয় পৰিষদৰ দ্বিতীয় বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস। জাতীয়তাবাদী আদৰ্শৰে জন্ম লাভ কৰা অসম জাতীয় পৰিষদৰ দ্বিতীয় বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিবসটি শনিবাৰে এদিনীয়া কাৰ্যসূচীৰে ঐতিহ্যমণ্ডিত চৰাইদেউ জিলাৰ মথুৰাপুৰত অনুষ্ঠিত হৈছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/8fb8aa94-3abe-4952-a77c-4dd5b6dac0a0/907aa81d_945d_462c_87b7_5ba00fe0a9f2.jpg)
অসম জাতীয় পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত মাহমৰা, নাজিৰা সমষ্টি সমিতি আৰু নিমনাগড় আঞ্চলিক সমিতিৰ সহযোগত মথুৰাপুৰ ৰাজহুৱা প্ৰেক্ষাগৃহত উদযাপিত দিৱসৰ পুৱা দলীয় পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে। পতাকা উত্তোলন কৰে অ জা পৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/464d6777-6ea7-45ed-b4d2-a59a7f13c151/02c53653_3912_4fe3_b488_8dd9626b1571.jpg)
ইয়াৰ পাছতে সাধাৰণ সম্পাদক জগদীশ ভূঞাই ছহীদ তৰ্পণ কাৰ্যসূচী মুকলি কৰে ৷ জাতীয় সংকল্প শিখা প্ৰজ্বলনৰ পিচতেই বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হয়।
আৰু পঢ়কঃ জয়মতী আৰু আইদেউ সন্দিকৈ...