জয়মতী আৰু আইদেউ সন্দিকৈ...

জয়মতী আৰু আইদেউ সন্দিকৈ...

ডিজিটেল ডেস্ক : ১৯৩৩ চনৰ কথা, যোৰহাটৰ ভোলাগুৰি চাহ বাগিছাত ৰূপকোৱঁৰ জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰি উলিয়াইছিল চিত্ৰবন ষ্টুডিঅ' । কিয়নো সুন্দৰৰ পূজাৰী ৰূপকোৱঁৰে সপোন দেখিছিল ভাৰতৰ তৃতীয়খন সবাক ছবি থকা প্ৰথমখন অসমীয়া বোলছবি নিৰ্মাণৰ । কিন্তু মসৃণ নাছিল এই যাত্ৰা । সম্পূৰ্ণ পৰীক্ষণমূলক আৰু কলাত্মক দৃষ্টি ভংগীৰে নিৰ্মাণ কৰিবলৈ বিচৰা এই বোলছবি খনৰ বাবে বিচাৰি পোৱা নাছিল কোনো অভিনেত্ৰী ।

স্বাধীনতাৰ পূৰ্বেই নিৰ্মাণ কৰিব লগীয়া এই বোলছবিখনত মহিলা এগৰাকীয়ে অভিনয় কৰিবলৈ আগবাঢ়ি অহাৰ ধৃষ্টতা নাছিল তেতিয়াৰ সমাজত । সেই বাবেই যেন সকলো প্ৰস্তুতিৰ পাছতো থমকি ৰ'ব লগীয়া হৈছিল জ্যোতিপ্ৰসাদৰ মানস পুত্ৰ 'জয়মতী' । কিন্তু এই হতাশাৰ মূহুৰ্তত জ্যোতিপ্ৰসাদৰ জয়মতীত অভিনয় কৰিবলৈ স্বীকৃতি দিছিল গোলাঘাটৰ পানী-দিহিঙিয়া গাৱৰ আইদেউ সন্দিকৈয়ে । জয়মতীত অভিনয়ৰ সময়ত প্ৰায় ১৬ বছৰীয়া কিশোৰী আইদেউ সন্দিকৈক অভিনয়ৰ সকলো কলা-কৌশল শিকাইছিল খোদ জ্যোতিপ্ৰসাদ আগৰৱালাই ।

দুৰ্ভাগ্যবশত: বানিজ্যিকভাৱে সফল নহ'ল জয়মতী । আনহাতে, বোলছবি খনৰ নিৰ্মাণৰ পাছতেই নিজা বাসগৃহলৈ উভতি গৈছিল আইদেউ সন্দিকৈ । কিন্তু বোলছবিত অভিনয় কৰাৰ বাবে আৰু বোলছবিখনত পৰপুৰুষক বঙহৰদেউ বুলি সম্বোধন কৰাৰ বাবে এঘৰীয়া কৰিছিল ৰাইজে ।

এইয়া আছিল সমগ্ৰ অসমীয়া কলা সমাজৰ বাবেই এটি দুখৰ খবৰ । অভিনয়ৰ জৰিয়তে প্ৰাচীন পুৰুষতান্ত্ৰিক মানসিকতাৰ বিৰুদ্ধে থিয় হোৱা নাৰী গৰাকীক এঘৰীয়া কৰিলে সমাজে । বিবাহৰ বাবেও আগবাঢ়ি নাহিল কোনো পুৰুষ । আইদেউ সন্দিকৈৰ বাবে মূল ঘৰৰ পৰা পৃথককৈ এটি বাসগৃহ সাজি দিয়াৰ ওপৰিও খোৱা পানীৰ বাবে খান্দি দিছিল পৃথক পুখুৰী । অৰ্থাৎ আইদেউ সন্দিকৈৰ সৈতে এটা পুখুৰীৰ পানীও ব্যৱহাৰ কৰিব নোৱাৰে সমাজে । এই দু:সহ বোজা কঢ়িয়াই ২০০২ চনত ১৭ ডিছেম্বৰত মৃত্যু বৰণ কৰিছিল আইদেউ সন্দিকৈয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in