দৰিদ্ৰক মাধমাৰঃ ১আগষ্টৰ পৰা বাঢ়িব X-RAY, চিটি স্কেন আৰু এম আৰ আইৰ পৰীক্ষাৰ নিৰিখ...

দৰিদ্ৰক মাধমাৰঃ ১আগষ্টৰ পৰা বাঢ়িব X-RAY, চিটি স্কেন আৰু এম আৰ আইৰ পৰীক্ষাৰ নিৰিখ...

author-image
Asomiya Pratidin
New Update
দৰিদ্ৰক মাধমাৰঃ ১আগষ্টৰ পৰা বাঢ়িব X-RAY, চিটি স্কেন আৰু এম আৰ আইৰ পৰীক্ষাৰ নিৰিখ...

ডিজিটেল ডেস্কঃ মূল্যবৃদ্ধিয়ে জুৰুলা কৰা অসমবাসীৰ মূৰত পুনৰ মাধমাৰ শোধাবলৈ সাজু হৈছে বিজেপি মিত্রজোঁট চৰকাৰ। এইবাৰ ব্যয়বহুল হ'ব ৰাজ্যৰ চৰকাৰী চিকিৎসা সেৱাও। চৰকাৰী চিকিৎসা সেৱাৰ মাচুল ২০ শতাংশপর্যন্ত বৃদ্ধি কৰিবলৈ প্রস্তুতি সম্পূর্ণ কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ তথা বিজেপি মিত্ৰজোঁট চৰকাৰ।

Advertisment

অহা পহিলা আগষ্টৰ পৰা চিকিৎসা সেৱাৰ মাচুল বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা আছে। দিছপুৰৰ এটা শীর্ষ সূত্রই জনোৱামতে স্বাস্থ্য বিভাগে প্রস্তুত কৰা মাচুলৰ নতুন তালিকা অনুসৰি ৰোগীৰ পঞ্জীয়ন মাচুলো ২০ শতাংশ বৃদ্ধি কৰিব বিচৰা হৈছে। একেদৰে ২০ শতাংশ বাঢ়িব এক্স-ৰে, এম আৰ আই, চিটি স্কেন, তেজ পৰীক্ষা আদিৰ মাচুলো। একেদৰে বাঢ়িব পেয়িং কেবিনৰ নিৰিখো।

উল্লেখযোগ্য যে বিগত সময়ছোৱাত নিত্য ব্যৱহাৰ্য সামগ্ৰীকে ধৰি বিভিন্ন সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক মাধমাৰ শোধাই আহিছে। শাক-পাচলি, চাউল-দাইল, মিঠাতেল, আলু-পিঁয়াজকে ধৰি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ ভয়াৱহ মূল্যবৃদ্ধিৰ বাবে সাধাৰণ মানুহে দুবেলা-দুসাঁজ খোৱাটোও এতিয়া প্রবল প্রত্যাহ্বানজনক হৈ পৰিছে। একেদৰে ৰন্ধন গেছৰ চিলিণ্ডাৰ, পেট্ৰ'ল, ডিজেল আদিৰ ক্রমবর্ধিত মূল্যয়ো ৰাইজক ত্রাহি মধুসূদন সোঁৱৰাইছে।

আনহাতে বিদ্যুতৰ সঘন নিৰিখ বৃদ্ধিৰ বোজা আছেই। সঘনাই বিদ্যুৎ নিৰিখ বৃদ্ধিৰে সৰ্বসাধাৰণৰ মূৰত ৰামটাঙোন শোধাই আহিছে শাসকীয় চৰকাৰে। এইদৰে সাধাৰণ জনতাই চলিব নোৱৰা অৱস্থাৰ সন্মুখীন হোৱাৰ সময়তে শেহতীয়াকৈ আয়কৰ পৰিশোধৰ সীমাও তিনি লাখ টকা নিৰ্ধাৰণ কৰিছে কেন্দ্ৰৰ বিজেপি চৰকাৰে। অর্থাৎ এতিয়াৰে পৰা বছৰি তিনি লাখৰ বেছি অর্থাৎ মাহে ২৫ হেজাৰ টকাতকৈ এটকা বেছি উপার্জন কৰা লোকেও আদায় দিব লাগিব আয়কৰ।

এনেবোৰ বিষয়ক লৈ চর্চা তথা প্রতিক্রিয়া অব্যাহত থকাৰ সময়তে ৰাজ্য চৰকাৰে চিকিৎসা সেৱাৰ মাচুল বৃদ্ধি কৰিবলৈ সাজু হোৱাৰ ঘটনা বিশেষভাৱে তাৎপর্যপূৰ্ণৰূপে বিবেচিত হৈছে। মন কৰিবলগীয়া যে ৰাজ্যৰ চৰকাৰী হাস্পতালসমূহত মূলতঃ চিকিৎসা গ্রহণ কৰে দৰিদ্ৰ তথা সাধাৰণ জনতাই। ব্যক্তিগত খণ্ডৰ হাস্পতালৰ চিকিৎসা ব্যয় অধিক হোৱা বাবে সাধাৰণ লোকসকল ব্যক্তিগত খণ্ডৰ হাস্পতাললৈ যাবলৈ অপাৰগ।

কিন্তু এতিয়া চৰকাৰী হাস্পতালসমূহতো চিকিৎসা মাচুল বৃদ্ধি পালে চিকিৎসা গ্ৰহণৰ ক্ষেত্ৰতো ভয়াৱহ প্রত্যাহ্বান নামি আহিব দৰিদ্ৰ তথা সাধাৰণ লোকসকলৰ বাবে। মন কৰিবলগীয়া যে ড° হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে সকলোধৰণৰ সেৱা মাচুল বৃদ্ধি কৰিবলৈ অলপতে সিদ্ধান্ত লৈছিল।

ৰাজ্য চৰকাৰে বৰ্তমান সেৱা মাচুলৰ জৰিয়তে বছৰি সংগ্ৰহ কৰি আহিছে ৫০ কোটি টকা। ২০২৪-২৫ বৰ্ষত ইয়াৰ পৰিমাণ ২০০ কোটি টকালৈ বৃদ্ধি কৰাৰ উদ্দেশ্যে বিজেপি মিত্ৰজোঁট চৰকাৰে সেৱা কৰ বৃদ্ধিৰ সিদ্ধান্ত লৈছিল। উক্ত সিদ্ধান্তমর্মে এতিয়া চৰকাৰী হাস্পতালত চিকিৎসা মাচুল বৃদ্ধি কৰিবলৈ সাজু হৈছে স্বাস্থ্য বিভাগ।

দুই- এদিনতে স্বাস্থ্য বিভাগে এই সম্পর্কে অধিসূচনা জাৰি কৰিব। কাৰ্যতঃ বিভিন্ন সামগ্ৰীৰ মূল্যবৃদ্ধিত জুৰুলা অসমবাসীক এইবাৰ স্বাস্থ্য সেৱাৰ নামতো ৰামটাঙোন শোধাবলৈ সাজু হৈছে বিজেপি মিত্ৰজোঁট চৰকাৰ।

Also Read: অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী লেখিকা সংগঠক অনুপমা বড়া গগৈৰ আদ্যশ্ৰাদ্ধ উপলক্ষে স্মৃতিগ্ৰন্থ উন্মোচন, স্মৃতিচাৰণ সভা...

হিমন্ত বিশ্ব শৰ্মা