অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী লেখিকা সংগঠক অনুপমা বড়া গগৈৰ আদ্যশ্ৰাদ্ধ উপলক্ষে স্মৃতিগ্ৰন্থ উন্মোচন, স্মৃতিচাৰণ সভা...

অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী লেখিকা সংগঠক অনুপমা বড়া গগৈৰ আদ্যশ্ৰাদ্ধ উপলক্ষে স্মৃতিগ্ৰন্থ উন্মোচন, স্মৃতিচাৰণ সভা...

author-image
Asomiya Pratidin
New Update
অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী লেখিকা সংগঠক অনুপমা বড়া গগৈৰ আদ্যশ্ৰাদ্ধ উপলক্ষে স্মৃতিগ্ৰন্থ উন্মোচন, স্মৃতিচাৰণ সভা...


ডিজিটেল সংবাদ,টেঙাখাতঃ তিৰলীয়া গাওঁ নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অসম সাহিত্য সভাৰ আজীৱন সভ্য টেঙাখাত লেখিকা সংস্থা কবি সন্মিলন টেঙাখা শাখা সাহিত্য সভা অসম জ্যেষ্ঠ নাগৰিক সন্মিলন টেঙাখাত শাখা আদিৰ বিষয়ববীয়া তথা সদস্যা স্বৰ্গীয়া অনুপমা বড়া গগৈৰ সোমবাৰে নিজা বাসগৃহত ভকত বৈষ্ণৱৰ মাংগলিক কাৰ্যসূচীৰে আদ্যশ্ৰাদ্ধ সম্পন্ন কৰা হয় ।

Advertisment

ইয়াৰ প্ৰাকক্ষণত উপলক্ষে পুৱা অঞ্চলটোৰ বহু গণ্য-মান্য লোকৰ উপস্থিতিত স্মৃতিগ্ৰন্থ আৰু কবিতাপুথি উন্মোচন তথা স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয় । সেইমৰ্মে প্ৰথমে স্বৰ্গীয়া অনুপমা বড়া গগৈৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি পুষ্প ধূপ দি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানশুভাৰম্ভ কৰে জীয়াৰী তথা শিক্ষয়িত্ৰী মৌচুমী গগৈয়ে । লগে লগে অৱসৰী শিক্ষক তথা স্বামী দেবেন গগৈ সহ: পৰিয়াল আত্মীয় কুটুম্বৰ লোক তিৰলীয়া নামঘৰ নিৰ্মান সমিতিৰ সম্পাদক ভোলা গগৈ সহ: ভকত বৈষ্ণৱৰ প্ৰতিনিধি তথা টেঙাখাত অঞ্চলৰ বিভিন্ন দল সংগঠনৰ নেতাকৰ্মীয়ে প্ৰতিচ্ছবিত পুষ্প ধূপ অৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

ইয়াৰ লগে লগে সমবেত সকলোৱে অনুপমা বড়া গগৈৰ বিদেহী আত্মাৰ সদ্‌গতি অৰ্থে এক মিনিট সময় মৌণ প্ৰাৰ্থনাকৰে । ইয়াৰ পিছতে অনুষ্ঠিত স্মৃতিচাৰণ সভাখনি আঁতধৰে টেঙাখাত শাখা লেখিকা সংস্থাৰ প্ৰাক্তন সভানেত্ৰী ইলা গগৈ চুতীয়াই । সভাত অঞ্চলটোৰ বিভিন্ন দল সংগঠন সমিতিৰ নেতাকৰ্মী অনুষ্ঠান প্ৰতিষ্ঠানৰ মূৰব্বী আদি বিভিন্ন শ্ৰেণীৰ শুভাকাংক্ষীয়ে অংশগ্ৰহণ কৰাৰ লগতে সভাত অনুপ্ৰভা বড়া গগৈৰ স্মৃতিচাৰণ কৰি বক্তব্য ৰাখে ক্ৰমে -অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ টেঙাখাত শাখাৰ সভাপতি তথা দুলিয়াজান কলেজৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ প্ৰভাত ফুকন সম্পাদক তথা টেঙাখাত মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মোহন সোনোৱাল টেঙাখাত কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদক তৈলেন বৰুৱা টেঙাখাত পেঞ্চনাৰ সন্থাৰ সভাপতি দীনজীৱন গগৈ টেঙাখাত শাখা সাহিত্য সভাৰ সম্পাদক পলাশজ্যোতি শৰ্মা অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ টেঙাখাত প্ৰেছ ক্লাবৰ সম্পাদক জয়ন্ত শইকীয়া আদিয়ে ।

ইফালে উক্ত স্মৃতিচাৰণ সভাতে স্বৰ্গীয়া অনুপমা বড়া গগৈৰ আদ্যশ্ৰাদ্ধৰ উপলক্ষে পৰিয়ালবৰ্গই প্ৰকাশ কৰা টেঙাখাত লেখিকা সংস্থাৰ তৎপৰতাত ননী বৰুৱা গগৈৰ সম্পাদনা আৰু ইলা গগৈ চুতীয়া মৌচুমী গগৈয়ে সহযোগী সম্পাদনা কৰা " অনুপমা " নামৰ স্মৃতিগ্ৰন্থখনি আনুষ্ঠানিকভাবে উন্মোচন কৰে অশিতিপৰ বিশিষ্ট লেখিকা তথা অক্লান্ত সংগঠক ফুলনী ফুকনে । ইয়াৰোপৰি অনুপমা বড়া গগৈয়ে মৃত্যুৰ আগেয়ে লিখি ৰখা অপ্ৰকাশিত ৩৬ টা কবিতাৰে " বৃন্তচ্যুতা কুসুমৰ শাৰদী আকাশ " নামেৰে মৌচুমী গগৈয়ে সম্পাদনা কৰা তথা মৌচুমী গগৈ আৰু পৰিয়াল বৰ্গই প্ৰকাশ কৰি উলিওৱা কবিতা পুথিখনি আনুষ্ঠানিকভাবে উন্মোচন কৰে টেঙাখাত মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ যতীন্দ্ৰনাথ গগৈয়ে । পৰিয়ালৰ হৈ সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায়  জোঁৱাই তথা "ডায়েটৰ " প্ৰবক্তা দুৰ্গেশ্বৰ শইকীয়াই ।

Also Read: ঝাৰখণ্ডত ৰে'ল দুৰ্ঘটনাঃ নিহত ২, আহত ২০ৰো অধিক যাত্ৰী...

অনুপমা বড়া গগৈ