/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ed8cb8d-cf20-408a-b285-836d86be5446/DISPUR_08.jpg)
বহু বিবাহ, লাভ জেহাদ ৰোধৰ বাবে উচ্চস্তৰীয় কমিটী গঠন.... DISPUR
ডিজিটেল ডেস্কঃ অসমত বহু বিবাহ আৰু লাভ জেহাদৰ দৰে ঘটনা ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। অসম চৰকাৰৰ পৃষ্ঠপোষকতাত গঠন কৰা হৈছে এক উচ্চস্তৰীয় কমিটী।
অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত সচিব তথা আই এ এছ নীৰজ বৰ্মাই স্বাক্ষৰ কৰা No. PLA. 93/2023/150(ECF-374440) নিৰ্দেশনাত কোৱা হৈছে অসমৰ ৰাজ্যপালে বহু বিবাহ আৰু অন্যান্য সংযুক্ত বিষয় যেনে ভুৱা পৰিচয়ৰে অন্য ধৰ্মীয় লোকৰে বিবাহ, বাল্য বিবাহত কাজিৰ ভূমিকা আদি নিষিদ্ধ কৰিবৰ বাবে এক সাংবিধানিক কমিটী গঠন কৰিছে।
এই কমিটীত মুঠ লোকক অন্তৰ্ভুক্ত কৰা হৈছে। কমিটীৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে ৰাজ্যৰ মহাধিবক্তা দেৱজিৎ শইকীয়াক। আনহাতে সদস্য হিচাপে থাকিব অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং, জ্যেষ্ঠ অতিৰিক্ত মহাধিবক্তা নলিন কোহলি, অসম চৰকাৰৰ ন্যায়িক বিভাগৰ সচিব ৰমেন বৰুৱা।
আনহাতে মেম্বাৰ ছেক্ৰেটেৰী হিচাপে আছে গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব, আই এ এছ বিশ্বজিৎ পেগু। এই কমিটীয়ে উল্লেখ কৰা বিষয়বোৰৰ ওপৰত ৪৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব।