Advertisment

ৰাজ্যত বানৰ সন্ত্ৰাসঃ ৫খন জিলাৰ ৩৮৩খন গাওঁ এতিয়াও বানৰ কবলত

ৰাজ্যত বানৰ সন্ত্ৰাসঃ ৫খন জিলাৰ ৩৮৩খন গাওঁ এতিয়াও বানৰ কবলত

author-image
Asomiya Pratidin
New Update
ৰাজ্যত বানৰ সন্ত্ৰাসঃ ৫খন জিলাৰ ৩৮৩খন গাওঁ এতিয়াও বানৰ কবলত

ডিজিটেল ডেস্কঃ ৰাজ্যৰ বান পৰিস্থিতি প্রায় সুস্থিৰ হৈছে যদিও ৫খন জিলাৰ ৩৮৩ খন গাঁৱৰ ৪১ হাজাৰৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। ১২৯টা আশ্রয় শিবিৰত ১৪ হাজাৰৰো অধিক লোকে আশ্রয় লৈ আছে। ইয়াৰ ভিতৰত কৰিমগঞ্জ জিলাত স্থাপন কৰা সর্বাধিক ১০৩টা আশ্রয় শিবিৰত ১৩ হাজাৰৰো অধিক লোক আশ্রয় লৈ আছে। কৰিমগঞ্জৰ উপৰি কামৰূপ, ধেমাজি, কাছাৰ আৰু বৰপেটা জিলাত বিভিন্ন অঞ্চল প্লাবিত হৈ আছে। এই বানত প্রায় ৮৫ হাজাৰ পশুধনৰ ক্ষতি হৈছে।

Advertisment

তিনিচুকীয়া জিলাত বিগত কেইবাদিনো ধৰি ধাৰাসাৰ বৰষুণৰ ফলত নৈ-উপ নৈসমূহৰ জলস্তৰ বৃদ্ধি পাইছে। ডিব্ৰু নৈৰ বাড়নী পানীয়ে জিলাখনৰ কেইবাটাও অঞ্চল প্লাবিত কৰিছে। ইফালে ব্রহ্মপুত্র আৰু ন-দিহিং নৈৰ পানী বাঢ়ি অহাৰ ফলত বহু অঞ্চলত খহনীয়াৰ সমস্যা দেখা দিছে।

জিলাখনৰ গুইজানৰ সমীপৰ নতুন গাঁও বাঢ়নী পানীৰে বুৰাই পেলোৱা বুলি জানিব পৰা গৈছে। ইফালে ধাৰাসাৰ বৰষুণ আৰু বাঢ়নী পানীৰ মাজতে ওদালগুৰি জিলাত বনৰীয়া হাতীৰ উপদ্রপে জনসাধাৰণক আহুকালত পেলাইছে। বানৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন ঠাইত খহনীয়াৰ সমস্যাই ভাবুকিৰ সৃষ্টি কৰিছে।

গোলাঘাট জিলাৰ খুমটাইত গেলাবিল নৈৰ খহনীয়াই জনজীবন বিপর্যস্ত কৰি তুলিছে। অঞ্চলটোৰ কেইবা শ বিঘা ভূমি গেলাবিল নৈৰ বুকুত জাহ গৈছে। একেদৰে ডিব্ৰুগড় জিলাৰ দুলীয়াজানৰ বামুণগাঁৱৰ বুঢ়ীদিহিং নৈৰ খহনীয়াই ব্যাপক সমস্যাৰ সৃষ্টি কৰিছে। গাঁওখনৰ কৃষিভূমি আৰু অনুষ্ঠান-প্রতিষ্ঠান নৈত জাহ যোৱাৰ লগতে শেহতীয়াকৈ গাঁওখনৰ এটা পথৰ বৃহৎ অংশ নৈত জাহ গৈছে। ইফালে নগাঁও জিলাৰ কামপুৰত হোৱা বানৰ ফলত কেইবাটাও পকীপথ খহি যোৱাত জনসাধাৰণে যাতায়তৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে। পথটো মেৰামতিৰ বাবে স্থানীয় ৰাইজে বিভাগীয় কর্তৃপক্ষক দাবী জনাইছে।

Also Read: গণেশগুৰি-হেঙেৰাবাৰী লিংক ৰোডত ফুটিল জলব’ৰ্ডৰ পাইপ

assam flood