/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/9e039ddd-4f9d-4c75-b6e0-a9e1069a490e/2.jpg)
ডিজিটেল সংবাদঃ ক্রমাৎ ভয়াৱহ হৈ পৰিছে ৰাজ্যৰ বান পৰিস্থিতি। বানত প্লাবিত এখনৰ পাছত আনখন জিলা। বাঢ়নী পানীয়ে ভয়ংকৰ বিপদ মাতিছে ৰাজ্যৰ ১৪ খন জিলাৰ ৬৯৮ খন গাঁৱলৈ। মাজুলী, কাজিৰঙা,কলিয়াবৰৰ লগতে চাবুৱা,নগাঁও, তিনিচুকীয়া,ছিপাঝাৰ আদি সমগ্ৰ অঞ্চল বৰ্তমান বানৰ কবলত।
এই মুহূৰ্তৰ তথ্য অনুসৰি মাজুলীত বানৰ ফলত এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। যিকোনো মুহূৰ্তত ছিগিব পাৰে মথাউৰিৰ অংশ। আনহাতে আউনীআটী সমীপৰ আলিমুৰত বানৰ ফলত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/ff3a635e-ac3a-4325-b6ea-c61ac49f27db/4.jpg)
ইফালে ক্রমে জটিল হৈ পৰিছে কাজিৰঙাৰ বান পৰিস্থিতি। বানাক্ৰান্ত কাজিৰঙাৰ পৰা নিৰাপদ আশ্ৰয়ৰ সন্ধানত জাকে জাকে ওলাই আহিছে বন্যজীৱ। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি দক্ষিণৰ কাৰ্বি পাহাৰলৈ ধাৱমান হৈছে হাতী আৰু পহুৰ জাক।
বৰষুণ আৰু বানে এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে ৰঙাপাৰত। ৰঙাপৰাৰ সমিপৱৰ্তী ঢেকিয়াজুলি সমষ্টিত নতুনকৈ অন্তভূৰ্ক্ত হোৱা অসম-অৰুণাচল সীমান্তৱৰ্তী ২ নং উৰহীলগাত নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰৰ পৰা নামি অহা পানীয়ে কালভাৰ্ট উটুৱাই নিয়ে ৷ ফলত বহু সমস্যাৰ সন্মুখীন হৈছে স্খানীয় লোক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/105aa122-6512-4f5e-8276-6040ac339c60/6.jpg)
আনহাতে চাবুৱাত ডিব্ৰু আৰু ব্ৰহ্মপুত্ৰৰ প্ৰৱল খহনীয়াই ভয়াবহ ভাবুকি কঢ়িয়াই আনিছে দিনজান সেনা চাউনিলৈ। জানিব পৰা মতে,নিশাৰ ভিতৰতে উটি গ'ল ১০০ কোটিতকৈ অধিক টকাৰে নিৰ্মাণ কৰা জিঅ' মেটৰ বৃহৎ অংশ। ফলত শংকিত হৈ পৰিছে স্থানীয় লোক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/039a9b9e-9628-455e-8ff2-664f91b43b63/3.jpg)
ইফালে ছিপাঝাৰৰ শলপাম গাঁৱৰ ননৈ নদীৰ শ্লুইছ গেট নোখোলাকৈ হুৰাহুৰে ওলাইছে ননৈ নদীৰ বাঢ়নী পানী। শ্লুইছ গেটৰ এনে বিসংগতিক লৈ ৰাইজৰ মাজত এক হাঁহাকাৰ পৰিস্থিতিৰ লৃষ্টি হৈছে। গেটৰ অংশৰে ওলোৱা বাঢ়নী পানীয়ে জলমগ্ন কৰিব শলপাম কছাৰীদল গৰৈমাৰা শিঙিমাৰী আদিৰ লগতে কেইবাখনো গাঁও।
ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী বাগৰাৰ ফলত প্ৰশাসনে তামুলীপথাৰত থকা ৩খন শ্লুইছ গেট ইতিমধ্যে খুলি দিছে ৷ যাৰ ফলত নতুনকৈ ন ন অঞ্চল প্লাবিত হৈ পৰিছে। যাৰ ফলত আতংকিত হৈ পৰিছে গঞা ৰাইজ ৷ মাথাউৰিৰে পানী বাগৰা অংশত জল সম্পদ বিভাগে বস্তাৰে ভেটা দিয়াৰ চেষ্টা কৰিছে যদিও বিফল হোৱা পৰিলক্ষিত হৈছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/7b59d8ea-1b8f-44ce-97e1-1d524f6f1dc5/5.jpg)
ইফালে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী ক্ৰমাৎ বৃদ্ধি পাই থকাৰ বাবে আতংকিত হৈ পৰিছে বানাক্ৰান্ত ৰাইজ ৷ সকলোৱে নিজৰ নিজৰ ঘৰৰ সামগ্ৰী নিৰাপদ স্থানত ৰাখিছে ৷ নিজৰ ঘৰখনত পানী সোমালে শিবিৰত থাকিবৰ বাবেও সাজু হৈ আছে ৰাইজ ৷
Also Read: ৰাম মন্দিৰত এণ্ড্ৰইড ফোন ব্যৱহাৰত নিষেধাজ্ঞাঃ পুৰোহিত সকলেও ব্যৱহাৰ কৰিব নোৱাৰিব স্মাৰ্ট ফোন