ৰাম মন্দিৰত এণ্ড্ৰইড ফোন ব্যৱহাৰত নিষেধাজ্ঞাঃ পুৰোহিত সকলেও ব্যৱহাৰ কৰিব নোৱাৰিব স্মাৰ্ট ফোন

ৰাম মন্দিৰত এণ্ড্ৰইড ফোন ব্যৱহাৰত নিষেধাজ্ঞাঃ পুৰোহিত সকলেও ব্যৱহাৰ কৰিব নোৱাৰিব স্মাৰ্ট ফোন

author-image
Asomiya Pratidin
New Update
ৰাম মন্দিৰত এণ্ড্ৰইড ফোন ব্যৱহাৰত নিষেধাজ্ঞাঃ পুৰোহিত সকলেও ব্যৱহাৰ কৰিব নোৱাৰিব স্মাৰ্ট ফোন

ডিজিটেল ডেস্কঃ অযোধ্যাৰ ৰাম মন্দিৰত পুৰোহিত সকলেও ব্যৱহাৰ কৰিব নোৱাৰিব এণ্ড্ৰইড ফোন। দৰ্শনাৰ্থীৰ পিচত এইবাৰ পুৰোহিতসকলকো ৰাম মন্দিৰলৈ স্মাৰ্ট ফোন নিয়াত নিষেধাজ্ঞা আৰোপ কৰিছে শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টে।

Advertisment

ইয়াৰোপৰি এতিয়াৰ পৰা বিশেষ সাজ-পোচাক পৰিধান কৰি মন্দিৰলৈ আহিব লাগিব ৰাম মন্দিৰৰ পুৰোহিতসকল। মন্দিৰত প্ৰৱেশ কৰাৰ আগতে পূজাৰীয়ে হালধীয়া ৰঙৰ কুৰ্তা, ধূতি আৰু পাগুৰি পৰিধান কৰিব লাগিব। ইতিমধ্যে সকলো পুৰোহিতক আই ডি কাৰ্ডো প্ৰদান কৰা হৈছে।

তথ্য অনুসৰি, সোমবাৰৰ পৰা ৰাম মন্দিৰত পুৰোহিতৰ সংখ্যা বৃদ্ধি কৰা হৈছে। ৰামক ভাগে ভাগে সেৱা আগবঢ়াব ২৬ জন পুৰোহিতে। লগতে ২১ জন নতুনকৈ প্ৰশিক্ষণপ্ৰাপ্ত পুৰোহিতক পূজাৰ কাৰ্যত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টে গঠন কৰা ধৰ্মীয় সমিতিয়ে।

উল্লেখ্য যে, মোবাইল ফোনত নিসেধাজ্ঞা সন্দৰ্ভত ৰাম মন্দিৰৰ সহকাৰী পুৰোহিত অশোক উপাধ্যায়ে কয় যে, ট্ৰাষ্টে ৰাম মন্দিৰলৈ অহা পুৰোহিতসকলক এণ্ড্ৰইড ফোন অনাত নিষেধাজ্ঞা আৰোপ কৰিছে।

লগতে তয় যে পুৰোহিত সকলে কথা পতাৰ বাবে কিপেড থকা ফোন ব্যৱহাৰ কৰিব পাৰিব। কুৰ্তা, ধূতি আৰু পাগুৰিকে ধৰি পুৰোহিতৰ বাবে বিশেষ সাজ-পোচাকো প্ৰস্তুত কৰা হৈছে।

Also Read: ৩ নতুন ফৌজদাৰী আইন সন্দৰ্ভত ধেমাজি সদৰ আৰক্ষী থানাত সজাগতা সভা সম্পন্ন

android phones fully ban ram mandir