আবতৰীয়া বানৰ কবলত একাংশ অঞ্চল, কি অৱস্থা মথাউৰিৰ…

আবতৰীয়া বানৰ কবলত একাংশ অঞ্চল, কি অৱস্থা মথাউৰিৰ…

author-image
asomiyapratidin
New Update
আবতৰীয়া বানৰ কবলত একাংশ অঞ্চল, কি অৱস্থা মথাউৰিৰ…

ডিজিটেল ডেস্ক: সমাগত অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু। অৱশ্যে আমি বিহুৰ লগতে আন এক উৎসৱ পালন কৰিবলৈ সাজু হ'বৰ হ'ল- বানপানী। বানপানীক এইবাবে উৎসৱ বুলি কোৱা হ'ল কিয়নো প্ৰতি বছৰে বহাগ শেষ নৌহওঁতেই প্ৰত্যেক বছৰে ধাৰাবাহিকভাৱে অসমক বানপানী আৰু গৰাখহনীয়াই জুৰুলা কৰে, অৰ্থনৈতিক ভেটি ভাঙি চুৰ-মাৰ কৰে,বহু লোকৰ প্ৰাণহানি ঘটে,শ শ জীৱ-জন্তু মৃত্যুমুখত পৰে।

Advertisment

তথ্য অনুসৰি, অসমৰ মুঠ মাটিকালিৰ ৩৯.৫৮%ই বানাক্ৰান্ত।অসমত প্ৰতিবছৰে গড়ে ৮০০০ হেক্টৰ স্থলভূমি খহনীয়াত জাহ যায়, অৰ্থাৎ ৭৮,৪২৩ বৰ্গ কি:মি:ৰ ৭% ইতিমধ্যেই নিশ্চিহ্ন হ'ল। ১৯৫৩-২০১৭ চনৰ ভিতৰত চৰকাৰী তথ্য মতে ৩০৯৩ জন লোক বানৰ ফলত মৃত্যু হ'ল। প্ৰতিবছৰে অসমৰ বানপানীৰ ফলত গড়ে ১২৮ কোটি টকাৰ সম্পত্তি নষ্ট হয়।

ৰাজ্যত ইতিমধ্যে আৰম্ভ হৈছে বানৰ সংহাৰী ৰূপ।আবতৰীয়া বানে ৰাজ্যৰ বিভিন্ন স্থানত চলাইছে তাণ্ডৱ। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে কেইবাখনো উপনৈৰ জলস্তৰো বৃদ্ধি পাইছে। যাৰ ফলত ডিব্ৰুগড়, লখিমপুৰ, গহপুৰ, তিনিচুকীয়া আদি অঞ্চলত বানে দুৰ্ভোগৰ সৃষ্টি কৰিছে। পানীৰ তলত বুৰ গৈছে হাজাৰ হাজাৰ কৃষিভূমি।
এয়া কোনো নতুন কথা নহয়। প্ৰতিবাৰেই বানপানীৰ ফলত লাখ লাখ লোক গৃহহীন হয়, লাখ লাখ গৃহ উটুৱাই নিয়ে বাঢ়নী পানীয়ে। মৃত্যু হয় শ শ মানুহৰ। সময় সলনি হৈছে কিন্তু বানপানীৰ সময়ত অসমৰ ৰাইজৰ মাজত হোৱা দুৰ্দশাৰ সলনি হোৱা নাই। প্ৰতিবাৰেই কোনোবাই নহয় কোনোবাই হেৰুৱাইছে আপোনজনক,নষ্ট হৈ গৈছে কৃষিভূমি।

চৰকাৰ আহিছে, গৈছে। প্ৰতিশ্ৰুতি দিছে পাহৰি গৈছে। কিন্তু বানজৰ্জৰিত মানুহৰ দুৰ্দশা বৃত্তকাৰভাৱে ঘূৰি আছে। বানপানীৰ পৰা ৰক্ষা পোৱাৰ বাবে চৰকাৰে যথেষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে যদিও এই পৰ্যন্ত বানমুক্ত হোৱা নাই অসম। বিজেপিয়ে অসম বানমুক্ত কৰিম বুলি দিয়া প্ৰতিশ্ৰুতিও ধোৱাচাঙত পৰিণত হল।অসম বানমুক্ত হোৱাৰ সলনি অবতৰীয়া বানতে ডুবিছে ৰাজ্যৰ একাংশ অঞ্চল।

প্ৰতিবাৰেই চৰকাৰে মথাউৰি নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিলেও সম্পূৰ্ণ হৈ নুঠে। জলসম্পদ মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰাৰ পাছতেই ৰাজ্যৰ বিভিন্ন ঠাই ভ্ৰমণ কৰি মথাউৰি নিৰ্মাণকাৰ্যৰ তদাৰক কৰিছিল মন্ত্ৰী পিয়ুষ হাজৰিকাই।
কেইবা কোটি টকাৰ বিনিময়ত অসমৰ বিভিন্ন স্থানত আৰম্ভ হৈছিল নিৰ্মাণ কাৰ্য। এই সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে ঠিকাদাৰ সকলোকো সতৰ্ক কৰি দিছিল। তেওঁ কৈছিল যে নৈ পৰীয়া ৰাইজৰ লগত হেতালি খেলা ঠিকাদাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ'ব।

কিন্তু সেই প্ৰতিশ্ৰুতি যেন সম্পৰ্ণ নহ'ল। এতিয়া আবতৰীয়া বানে বুৰাইছে গহপুৰ অঞ্চল। চক্ৰং নৈৰ পানীয়ে পুনৰ সংহাৰ চলাইছে গহপুৰত। এই অঞ্চলত মথাউৰি নিৰ্মাণৰ বাবে মন্ত্ৰী পিয়ুষ হাজৰিকাই ঠিকাদাৰক দিছিল ৩ মাহ সময়। কিন্তু ৩ মাহৰ ভিতৰত মাত্ৰ ১০ মিটাৰ কামহে সম্পূৰ্ণ হৈছে বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে।
কেৱল ইমানেই নহয়, ৰাজ্যৰ বিভিন্ন স্থানত কোটি টকা ব্যয়ৰে আৰম্ভ কৰা নিৰ্মাণ কাৰ্য আজিও সম্পূৰ্ণ হৈ নুঠিল। প্ৰায় ১৫ বছৰ পূৰ্বে নিৰ্মাণ আৰম্ভ হৈছিল বৰপেটা-বাঘবৰ সংযোগী মথাউৰি।কিন্তু আজি পৰ্যন্ত সম্পূৰ্ণ নহ'ল কাম।

তদুপৰি বহুঠাইত নিৰ্মীয়মান মথাউৰি নিৰ্মাণৰ অভিযোগ উত্থাপন হৈছে। বহু মথাউৰি নিৰ্মাণৰ কেইমাহমান পিছতেই ফাঁট মেলিছে।কেইবাদিনো ধৰি চলি থকা নেৰানেপেৰা বৰষুণৰ ফলত নদীৰ জলস্তৰ বৃদ্ধি পাইছে যাৰ ফলত বানপানীৰ সৃষ্টি হৈছে। তিনিচুকীয়াৰ ৰঙ্গাগড়া মথাউৰি ভাঙি গৰিয়াটিং গাঁৱত প্ৰৱেশ কৰিছে বাঢ়নী পানী। যদিহে জলস্তৰ হ্ৰাস নাপাই তেন্তে বুৰাই পেলাব কেইবাখনো গাঁও।

আৰু পঢ়ক: অসম – মেঘালয় সীমান্তত পুনৰ উত্তেজনা

assam flood embankment