অসম – মেঘালয় সীমান্তত পুনৰ উত্তেজনা

অসম – মেঘালয় সীমান্তত পুনৰ উত্তেজনা

ডিজিটেল সংবাদ: পশ্চিম কাৰ্বি আংলং জিলাৰ অসম -মেঘালয় সীমান্তত উত্তেজনা অব্যাহত আছে । মেঘালয়ৰ একাংশ দুস্কৃতিকাৰীয়ে শ্বিলঙৰ পৰা উমলাফেৰলৈ আহি থকা অৱস্থাত দুই অসমীয়া যুৱকক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে।

তাৰ পিছত পুনৰ মঙলবাৰে নিশা দুস্কৃতিকাৰীয়ে সীমান্তৰ হাবাং অঞ্চলৰ লক্ষ্মণ থাপা নামৰ ব্যক্তিজনৰ বাসগৃহৰ লগতে পশুধন থকা এটা গোহালিত অগ্নিসংযোগ কৰে ।

এই অগ্নিকাণ্ডৰ ফলত গোহালিটো ক্ষতিগ্ৰস্ত হয় যদিও স্থানীয় ৰাইজৰ তৎপৰতাত বাসগৃৰ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় । ইপিনে এই ঘটনাৰ পিছতেই আৰক্ষী উক্ত অঞ্চলত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in