অচিৰেই অসম এৰিব জি পি সিঙে!

অচিৰেই অসম এৰিব জি পি সিঙে!

author-image
Asomiya Pratidin
New Update
অচিৰেই অসম এৰিব জি পি সিঙে!

ডিজিটেল ডেস্কঃ অচিৰেই সলনি হ'ব অসম আৰক্ষী সঞ্চালক প্ৰধান। বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে এই পদবীৰ পৰা বিদায় লৈ যোগ দিব গৈ এক কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাত। চলিত বছৰৰ আগষ্টৰ ভিতৰতে জিপি সিঙে এই পদবী এৰিব।

Advertisment

উল্লেখযোগ্য যে 'কা' আন্দোলনৰ সময়ত জি পি সিঙক দিল্লীৰ পৰা অনা হৈছিল অসমলৈ। ভাস্কৰজ্যোতি মহন্তই অৱসৰ গ্ৰহণ কৰা পাছতেই তেওঁৰ স্থানত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছিল জি পি সিঙক। ডেপুটেশ্যনত দিল্লীলৈ জিপি সিং যোৱাৰ পাছত অসম আৰক্ষীৰ নতুন সঞ্চালক প্ৰধান পদত কাক নিযুক্তি দিয়া হয় সেয়া লক্ষণীয় হৈ পৰিছে। এই দৌৰত হৰমিৎ সিঙকে ধৰি কেইবাগৰাকী শীৰ্ষ আৰক্ষী বিষয়া আছে।

Also Read: তীৰ্থনগৰীত মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিব লৌহমানৱ বিষ্ণুৰাম মেধিৰ প্ৰতিমূৰ্তি

DGP GP singh