
ডিজিটেল ডেস্কঃ এসময়ত অসম ক্ৰিকেট দলটোৰ প্ৰতি দৰ্শক, অনুৰাগীসকল আছিল উদাস। বি চি চি আইৰ দ্বাৰা আয়োজিত ঘৰুৱা প্ৰতিযোগিতাত প্ৰায়েই অসমৰ স্থান শেষৰ ফালে থকাটো স্বাভাৱিক কথা আছিল।
বহিঃৰাজ্যৰ খেলুৱৈৰ সমাহাৰ ঘটা অসম ক্ৰিকেট দলটোৰ প্ৰদৰ্শন বি চি চি আইৰ ঘৰুৱা প্ৰতিযোগিতাসমূহত আছিল অতি নিম্ন মানদণ্ডৰ। অৱশ্যে তাৰ মাজতো মাজে সময়ে ব্যতিক্ৰম নোহোৱা নহয়।
ৰঞ্জী,বিজয় হাজাৰে কিম্বা চৈয়দ মুস্তাক আলী ট্ৰফী সকলোতে অসম দলটো সফল হোৱা বাদেই, যুঁজ দিয়াৰো যেন সক্ষমতা হেৰুৱাই পেলাইছিল অসম দলটোৱে। দলটোৰ প্ৰদৰ্শন দেখি এনে ধাৰণাই গঢ় লৈ উঠিছিল অসমৰ ক্ৰিকেট অনুৰাগীসকলৰ মাজত।
কথাতে কয় ঘঁহি থাকিলে শিলো ক্ষয় যায়। উক্ত বচন ফাঁকিৰ সত্য প্ৰমাণিত কৰি অসম দলটোৱে চলিত ছিজনৰ বিজয় হাজাৰে এদিনীয়া ক্ৰিকেটত উল্লখযোগ্য প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হ'ল। এনেকৈ ক'লেও বঢ়াই কোৱা নহ'ব যে, শেষ ভালেই সকলো ভাল। কিয়নো নতুন বছৰৰ প্ৰাক্-ক্ষণত অৰ্থাৎ ২০২২ৰ শেষৰ ফালে অসম দলটোৱে উক্ত প্ৰতিযোগিতাত সুন্দৰ প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হয়।
বিজয় হাজাৰে ট্ৰফীত উজলি উঠে প্ৰতিশ্ৰুতি সম্পন্ন ক্ৰিকেটাৰ ৰিয়ান পৰাগ,ঋষভ দাস,স্বৰূপম পুৰকায়স্থ,মুখতাৰ,ৰাহুল হাজৰিকাকে ধৰি অসমৰ ক্ৰিকেটাৰসকল। দলীয় প্ৰচেষ্টাত অসমে এইবাৰ দেশৰ আগশাৰীৰ দলসমূহক পৰাস্ত কৰি ছেমি ফাইনেল পৰ্যন্ত উপনিত হ'ল।
যদিও অসমে ছেমিত শক্তিশালী মহাৰাষ্ট্ৰৰ বিপক্ষে পৰাজিত হ'ল তথাপিও অসমে দেখুৱালে যুঁজাৰু মানসিকতা। শেষ মুহূৰ্তলৈ যুঁজ দিলে অসমৰ ক্ৰিকেটাৰসকলে।
সকলো ভৱা মতে হ'লে কথাই নাই। কিছু ক্ষেত্ৰত ভাগ্যয়ো সংগ দিব লাগিব। তথাপি অসম দলটোৱে অনুৰাগীৰ মনত যি আশাৰ সঞ্চাৰ কৰিলে,ৰাষ্ট্ৰীয় মঞ্চত যি প্ৰদৰ্শন কৰিলে সেয়া প্ৰতিগৰাকী ক্ৰিকেট প্ৰেমীয়ে মনত ৰাখিব।
উল্লেখযোগ্য যে, উক্ত প্ৰতিযোগিতাখনত ৰিয়ান পৰাগে ৩টা শতক অৰ্জন কৰা উপৰিও কেৰিয়াৰৰ ১৭৪ ৰানৰ শ্ৰেষ্ঠ ইনিংছটোও খেলিবলৈ সক্ষম হয়। আনহাতে প্ৰতিযোগিতাত ৰিয়ানৰ দৰে উজলি উঠে স্বৰূপম পুৰকায়স্থ, ঋষভ দাস,মুখতাৰ আদিৰ দৰে থলুৱা খেলুৱৈসকল। সকলোৱে আশা কৰাৰ দৰে এদিন অসম ক্ৰিকেট দলটোৱে বি চি চি আইৰ ঘৰুৱা প্ৰতিযোগিতা ৰঞ্জী,বিজয় হাজাৰে,মুস্তাক আলীৰ দৰে ট্ৰফী নিজৰ দখলত আনিবলৈ সক্ষম হ'ব।