সুকলমে সম্পন্ন হ'ল আনন্দ শৰ্মাৰ অস্ত্রোপচাৰ...

ডিব্রুগড়ত আনন্দ শৰ্মাৰ অস্ত্রোপচাৰ সুকলমে সম্পন্ন। এই কথা সদৰী কৰে চিকিৎসালয় কৰ্তৃপক্ষই

author-image
Asomiya Pratidin
New Update
সুকলমে সম্পন্ন হ'ল আনন্দ শৰ্মাৰ অস্ত্রোপচাৰ...

dibrugarh

ডিজিটেল ডেস্ক :ডিব্রুগড়ত আনন্দ শৰ্মাৰ অস্ত্রোপচাৰ সুকলমে সম্পন্ন। এই কথা সদৰী কৰে চিকিৎসালয় কৰ্তৃপক্ষই। বিশেষজ্ঞ চিকিৎসক ডাঃ পান্নালালৰ নেতৃত্বত অস্ত্রোপচাৰ সম্পন্ন হয় আনন্দৰ। বৃহস্পতিবাৰে পুৱা ১০ বজাৰ পৰা চলিছিল অস্ত্রোপচাৰ।

উল্লেখ্য যে কেইবা টুকুৰাকৈ ভাগিছিল আনন্দ শৰ্মাৰ ৰাজহাড়। ইতিমধ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ সৈতে জড়িত কেইবাজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। কিন্তু ৰেগিং কাণ্ডৰ মাষ্টাৰমাইণ্ড বৰ্তমানেও পলাতক অৱস্থাত আছে।

ইতিমধ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই ৰেগিঙৰ বিৰুদ্ধে হেল্পলাইন নম্বৰ মুকলি কৰিছে। যদি কোনো শিক্ষাৰ্থীয়ে ৰেগিঙৰ সন্মুখীন হয় তেনেহ'লে ৯৫৭৭৬৪৫৩৫৩ নম্বৰত অভিযোগ দিব পাৰিব।

আৰু পঢ়ক :দৰঙত বিশ্ব এইডচ দিৱস উদযাপন...

ananda sarma dibrugarh university assam