ইচ্ছা থাকিলেও নগাঁৱত খাব নোৱাৰি ছাগলীৰ মাংস ! বন্ধ সকলো দোকান...

ইচ্ছা থাকিলেও নগাঁৱত খাব নোৱাৰি ছাগলীৰ মাংস ! বন্ধ সকলো দোকান...

author-image
Asomiya Pratidin
New Update
ইচ্ছা থাকিলেও নগাঁৱত খাব নোৱাৰি ছাগলীৰ মাংস ! বন্ধ সকলো দোকান...

ইচ্ছা থাকিলেও নগাঁৱত খাব নোৱাৰি ছাগলীৰ মাংস ! বন্ধ সকলো দোকান...

ডিজিটেল সংবাদ নগাঁও: নগাঁওবাসীয়ে যোৱা দুদিন ধৰি খাবলৈ পোৱা নাই ছাগলীৰ মাংস । ছাগলীৰ মাংস বিক্ৰেতাসকলে খোলা নাই দোকান । কাৰণ, অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমে হঠাৎ বঢ়াই দিলে বিজ্ঞানসন্মত কছাইখানাৰ পৰা প্ৰমাণপত্ৰ আদায়ৰ মূল্য ।

Advertisment

নগাঁও চহৰৰ চাৰিখুঁটিস্থিত বিজ্ঞানসন্মত কছাইখনাত পূৰ্বতে প্ৰতিটো ছাগলীৰ বিক্ৰীৰ অনুমতিৰ প্ৰমাণপত্ৰ প্ৰদানৰ বাবদ ১১০ টকাকৈ লৈ আহিছিল যদিও শেহতীয়াকৈ বিভাগীয় নিৰ্দেশ অনুসৰি ৩২০ টকা ধাৰ্য কৰাত এতিয়া ছাগলীৰ মাংস বিক্ৰেতা সকলে বন্ধ ৰাখিছে দোকান । যাৰবাবে এতিয়া যোৱা দুদিন ধৰি নগাঁও চহৰবাসীয়ে খাবলৈ পোৱা নাই ছাগলীৰ মাংস ।

ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ নিয়ন্ত্ৰণাধীন অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ এই সিদ্ধান্তক এতিয়া গ্ৰহণ কৰিব বিচৰা নাই নগাঁৱৰ ছাগলী মাংসৰ বিক্ৰেতাসকলে । ইফালে, একাংশ ছাগলীৰ মাংস বিক্ৰেতাই অস্বাস্থ্যকৰ পৰিবেশতে ৰুগ্ন আৰু কুকুৰে কামোৰা ছাগলীৰ মাংসও বিক্ৰী কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নগাঁৱৰ বিজ্ঞানসন্মত কছাইখানাৰ পৰ্যবেক্ষণৰ দায়িত্বত থকা এগৰাকী পশু চিকিৎসকে ।

বিগত সময়ত ছহেজাৰৰো অধিক কুকুৰে কামোৰা আৰু ৰূগ্ন ছাগলী চিকিৎসকে কছাইখানাত বিক্ৰিৰ বাবে বাৰন কৰা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে নগাঁৱত ৷

ক্লিক কৰি পঢ়কঃ গুৱাহাটীত অবৈধ নিৰ্মাণ আৰু বেদখলকৃত ভূমিত চলিব প্ৰশাসনৰ অভিযান ! বাদ পৰিব নেকি পুঁজিপতি বণিয়া !

ছাগলী মাংস নগাওঁ