/asomiyapratidin/media/media_files/2025/02/16/I7e7sFd0hmB4hutExy56.png)
ডিজিটেল ডেস্কঃ আজি অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। বৈঠকৰ পাছতে সংবাদমেল সম্বোধন কৰি সিদ্ধান্ত সমূহ সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজিৰ বৈঠকত অসমৰ অষ্টমখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে চিকলা জলাও ৰাষ্ট্ৰীয় উদ্যানক স্বীকৃতি প্ৰদান কৰা হয়। এই উদ্যানখনৰ অৱস্থিতি ৰাইমনা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মাজত হ'ব।
ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া ভাষা বাধ্যতামূলক কৰা হ'ব বুলি সিদ্ধান্ত লয় কেবিনেটে। চৰকাৰী নিৰ্দেশনা ইংৰাজীৰ লগতে অসমীয়াতো প্ৰকাশ কৰা হ’ব। ব’হাগৰ পৰা ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে জাননী প্ৰকাশ কৰা হ’ব।
ইফালে এপ্ৰিল মাহত ৰাভা হাছং স্বায়ত্ত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত তথ্য প্ৰদানৰ লগতে তিৱা স্বায়ত্ব পৰিষদৰ সদস্যৰ সংখ্যা ৩৬ৰ পৰা ৪২ জনলৈ বৃদ্ধিত অনুমোদন জনাই কেবিনেটে।
বড়োলেণ্ড স্বায়ত্ব শাসিত পৰিষদ, মিচিং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন ছেপ্টেম্বৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা লগতে নতুনকৈ গঠন হোৱা ৩ টা স্বতন্ত্ৰ চৰকাৰী বিভাগৰ বাজেট প্ৰস্তুতৰ বাবে কেবিনেটে অনুমোদন জনায়।
আজিৰ কেবিনেট বৈঠকত কাৰ্বি আংলঙত নিৰ্মাণ হ'বলগীয়া সৌৰ উদ্যানক অনুমোদন জনোৱা হয়। ইয়াৰোপৰি জাগীৰোড আৰু ৰহাৰ মাজত ঔদ্যোগিক পাৰ্ক স্থাপনৰ সিদ্ধান্ত লয় কেবিনেটে।
আজিৰ বৈঠকত সাংসদ গৌৰৱ গগৈৰ পত্নীৰ কাৰ্যকলাপক লৈও আলোচনা কৰে হিমন্ত বিশ্ব শৰ্মা কেবিনেটে।