/asomiyapratidin/media/media_files/2025/02/16/DhAPOeoQtSEGX4QEyPQP.png)
ডিজিটেল ডেস্কঃ দেওবাৰে সম্পন্ন হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। সংবাদমেলযোগে কেবিনেটে লোৱা সিদ্ধান্ত সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজিৰ কেবিনেটৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো আছিল গৌৰৱ গগৈৰ পত্নী বিতৰ্ক।
কেবিনেটৰ সিদ্ধান্ত অনুসৰি পাকিস্তানী নাগৰিক আলী শ্বেখৰ সৈতে সম্পৰ্ক আছিল গৌৰৱ গগৈৰ পত্নীৰ। ভাৰত আৰু ভাৰত বিৰোধী মন্তব্য কৰিছিল আলী শ্বেখে। পাকিস্তানী নাগৰিক আলী শ্বেখৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিয়ে ডিজিপিক। আলী শ্বেখক সহায় কৰা ব্যক্তি, সংস্থাৰ বিৰুদ্ধে তদন্ত কৰাৰ নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।
অভিযোগ অনুসৰি, অসমক অস্থিৰ কৰাৰ ষড়যন্ত্র ৰচিছিল আলী শ্বেখে। ভাৰতৰ আভ্যন্তৰীন বিষয়টো হস্তক্ষেপৰ চেষ্টা চলাইছিল আলী শ্বেখে। সেয়ে এই বিষয়টোৰ সন্দৰ্ভত তদন্তত সহায় কৰিবলৈ গৌৰৱ গগৈৰ পত্নী এলিজাবেথক আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে। লগতে আৰক্ষীৰ অনুসন্ধানত সাংসদ গৌৰৱ গগৈকো সহযোগিতা কৰাৰ আহ্বান জনায়।
ইয়াৰোপৰি আজিৰ কেবিনেটত গৌৰৱ গগৈৰ পত্নীৰ বিৰুদ্ধে VISAৰ নিয়ম ভংগ কৰাৰ অভিযোগ উত্থাপন হয়। উল্লেখ্য যে, দুটাকৈ লোকসভা নিৰ্বাচনত ব্রিটিছ নাগৰিক হৈও প্রচাৰ চলাইছিল এলিজাবেথে। সেয়ে গৌৰৱ গগৈৰ পত্নীৰ VISA বাতিলৰ ব্যৱস্থা লোৱাৰো হুংকাৰ দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই। প্রয়োজনত NIA ও এই সন্দৰ্ভত তদন্ত কৰিব পাৰে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।