পুৱা নহয়, ২বজাতহে বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে...

প্ৰশ্নোত্তৰ কালেৰে আৰম্ভ হ'ব নিয়মীয়া সদন

author-image
Asomiya Pratidin
New Update
পুৱা নহয়, ২বজাতহে বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে...

ফাইল ফটো

ডিজিটেল ডেস্কঃ আজি অসম বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব ৰাজ্যিক বাজেট। দিনৰ ২বজাত সদনত দাখিল কৰা হব এই বিশেষ বাজেট। পুৱা প্ৰশ্নোত্তৰ কালেৰে আৰম্ভ হ’ব নিয়মীয়া সদন।

Advertisment

ইতিমধ্যে লাভ কৰা তথ্য অনুসৰি, এইবেলি এই বাজেটত মহিলাসকলক লৈ বিশেষ সুবিধা ঘোষণা হোৱাৰ সম্ভাৱনা আছে। উদ্যমী মহিলাসকলৰ বাবে কেইবাখনো বিশেষ আচঁনি ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ইফালে স্বাস্থ্য বীমাক লৈও গুৰুত্বপূৰ্ণ সিদ্ধান্ত এইবেলি বাজেটত গ্ৰহণ কৰিব পাৰে চৰকাৰে।

ইফালে এইবেলি বাজেটত মুখ্যমন্ত্ৰী গৃহ আৱাস যোজনা নামৰ এখন আচঁনি ঘোষণাৰো সম্ভাৱনা আছে। মুঠৰ ওপৰত এইবেলি বাজেটত বহুকেইটা চমক দিয়াৰ বাবে সাজু হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ।

Also Read: ২লাখ ৮০হাজাৰ পৰীক্ষাৰ্থীঃ আজিৰে পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা...

হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী অজন্তা নেওগ বাজেট ২০২৩-২৪ অসম চৰকাৰ