২লাখ ৮০হাজাৰ পৰীক্ষাৰ্থীঃ আজিৰে পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা...

আজিৰে পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা...
আজিৰে পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা...

ডিজিটেল ডেস্কঃ আজিৰে পৰা আৰম্ভ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। ৰাজ্যৰ ৮৭৭টা কেন্দ্ৰত ২লাখ ৮০হাজাৰ ২১০গৰাকী শিক্ষাৰ্থী বহিব এই গুৰুত্বপূৰ্ণ পৰীক্ষাটোত।

কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত মুঠ 2,80,216 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব ৷ শিক্ষা সংসদৰ তথ্য অনুসৰি এই পৰীক্ষাত ছাত্ৰীৰ সংখ্যা 1,42,732 গৰাকী আৰু ছাত্ৰৰ সংখ্যা 1,37,484 গৰাকী ৷ 12 ফেব্ৰুৱাৰীৰ পৰা 13 মাৰ্চলৈ অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ৷

এইবেলি পৰীক্ষাত যাতে কোনো বেমেজালিৰ সৃষ্টি নহয় তাৰ বাবে সকলো পৰীক্ষাকেন্দ্ৰতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে পৰীক্ষা পৰিচালনাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এক তিনি ঘণ্টীয়া প্ৰশিক্ষণো প্ৰদান কৰিছিল অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in