পুহমহীয়া শীত নেওচি অসম গ্ৰন্থমেলা, গুৱাহাটীলৈ পুথিপ্ৰেমীৰ বিপুল সহাঁৰি

২৯ ডিচেম্বৰৰ পৰা ছদিনত ১কোটি ৯০ লাখ টকাৰ গ্ৰন্থ বিক্ৰী

author-image
Asomiya Pratidin
New Update
পুহমহীয়া শীত নেওচি অসম গ্ৰন্থমেলা, গুৱাহাটীলৈ পুথিপ্ৰেমীৰ বিপুল সহাঁৰি

অসম গ্ৰন্থমেলা, গুৱাহাটীলৈ পুথিপ্ৰেমীৰ বিপুল সহাঁৰি

ডিজিটেল ডেস্কঃ পুহমহীয়া শীতকো নেওচি মঙলবাৰে ষষ্ঠ দিনাও গ্ৰন্থপ্ৰেমীৰ বিপুল সমাৱেশ ঘটে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভভাৱে চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলা, গুৱাহাটীত ৷

Advertisment

সমান্তৰালভাৱে বিপণীত বৃদ্ধি পায় কিতাপ বিক্ৰীৰ হাৰ ৷ যোৱা ২৯ ডিচেম্বৰৰ পৰা ৩ জানুৱাৰী মঙলবাৰ পৰ্যন্ত অসম গ্ৰন্থমেলা, গুৱাহাটীত ১কোটি ৯০ লাখ টকাৰ কিতাপ বিক্ৰী হোৱা বুলি সদৰী কৰিছে প্ৰকাশন পৰিষদে ৷ ইপিনে আজি বিয়লি ১ বজাত অসম প্ৰকাশন পৰিষদে গ্ৰন্থমেলাৰ আৱাহন প্ৰেক্ষাগৃহত আয়োজন কৰে “অসমীয়া নাট্য-অভিযোজনা আৰু ব্যৱস্থাপনা” শীৰ্ষক এখনি গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ ৷

আলোচনা সত্ৰখন সঞ্চালনা কৰে বিশিষ্ট নাট্যকাৰ, পৰিচালক নয়ন প্ৰসাদে ৷ তেওঁৰ বক্তব্যত এইবুলি প্ৰকাশ কৰে “ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী সৃষ্টি লভিতাৰ ক্ষেত্ৰত অসমৰ সংস্কৃতিপ্ৰাণ ৰাইজে জয়লাভ কৰা বুলি ভাবোঁ ৷ কাৰণ ৰাইজৰ প্ৰতিবাদত লভিতাৰ বিকৃত প্ৰদৰ্শন বন্ধ হ’ল ৷ আচলতে অভিযোজনা কেনেকৈ কৰিব পাৰি, ইয়াত স্বাধীনতা আৰু সীমাৱদ্ধতা কিমান সেয়া এক গুৰুত্বপূৰ্ণ বিষয় ৷” ইয়াত অংশগ্ৰহণ কৰি আলোচক অতিথি,নাট্যকাৰ তথা গৱেষক ড° মৃণালজ্যোতি গোস্বামীয়ে কয় “ সমাজিক পৰিকাঠামো সলনি হোৱাৰ লগে লগে নাটকৰ প্ৰাসংগিকতাও সলনি হয় ৷ কিন্তু এটা কথা মনত ৰখা দৰকাৰ যে ঐতিহ্যত আঘাত কৰিব নোৱাৰি ৷ জ্যোতিপ্ৰসাদ আগৰৱালাৰ লভিতাও ঐতিহ্য ৷ মহাপুৰুষ শংকৰদেৱৰ সময়ৰ পৰা ভাওনা সমূহে এয়া প্ৰতিপন্ন কৰিছে ৷ অৱশ্যে ব্যৱস্থাপনাত সম্পৰীক্ষা হ’ব পাৰে ৷ আধুনিক নাটকৰ ক্ষেত্ৰত অভিযোজনা অসমত প্ৰথমে কৰিছিল শ্বেইক্সপীয়েৰৰ নাট 'কমেডি অৱ এৰৰ্চ'ৰ ৷ 'ভ্ৰমৰংগ' নামেৰে এইখন অসমীয়াকৰণ কৰা হৈছিল ৷ কিন্তু বক্তব্য সলনি কৰা নাছিল ৷ এয়া জৰুৰী কথা ৷ কিন্তু জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটক এখন নিজে লিখা বুলি কোৱাটো মানি ল’ব নোৱাৰি ৷ মূল নাটকখনৰ আধাৰত লিখিলে বেলেগ কথা ৷ নাটক এখনত থকা মূল বক্তব্য সলনি হ’ব নোৱাৰিব ৷ ব্যৱস্থাপনা অৱশ্যে দৰ্শকৰ সহায়ক হোৱাকৈ আৰু মঞ্চ সাপেক্ষ হ’লে ভাল ৷”

আন এগৰাকী আলোচক অতিথি , নাট্যকাৰ-পৰিচালক কৰুণা ডেকাই এইবুলি উল্লেখ কৰে “অভিযোজনা হৈছে একধৰণৰ উদ্দেশ্য ৷ শংকৰদেৱে এক শৰণ নামধৰ্ম প্ৰচাৰৰ উদ্দেশ্যত নাট-ভাওনা কৰিছিল ৷ অভিযোজনা হ’লে এটা গ্ৰহণযোগ্য যুক্তি আগবঢ়াব পাৰিব লাগিব ৷” ইয়াত অংশগ্ৰহণ কৰা আলোচক অতিথি ,নাট্যকাৰ-ঔপন্যাসিক প্ৰভাত গোস্বামীৰ মতে “জীৱিত এগৰাকী ব্যক্তিৰ সৃষ্টিক তেওঁৰ অনুমতি সাপেক্ষে আৰু সেই সৃষ্টিৰ দৰ্শন-তত্ব একে ৰাখি নতুনকৈ উপস্থাপন কৰিব পাৰি ৷ কিন্তু অভিযোজনাৰ আচিলাত এগৰাকী প্ৰথিতযশা নাট্যকাৰৰ কালজয়ী নাটকক ভঙা-চিঙা কৰাটো অনুচিত৷ ”

একেদৰে ইয়াত আলোচক অতিথিৰূপে উপস্থিত থাকি বিশিষ্ট নাট্যকাৰ বিভূ দত্তই কয় “নাটক মানেই বাস্তৱৰ অভিযোজনা ৷ কিন্তু একে আষাৰে ক'ম লভিতাক লৈ যি কাম কৰা হৈছিল অভিযোজনাৰ নামত তেনে কাম কৰিব নোৱাৰে ৷ চিনেমাৰ পৰ্দাৰ পৰা উলিয়াই আনি টাইটানিকক এইখন অসমতে নাটকৰ মঞ্চত উপস্থাপন কৰিছে ৷ কিন্তু মূল কাহিনী আৰু আবেদন একেই ৷ যদি অভিযোজনাৰ নামত ৰামৰ সতে যুধিষ্ঠিৰক পাশা খেলত বহুৱাই দিলে সেয়া অভিযোজনা নহৈ বিকৃত কৰা হ’ব ৷ লভিতাৰ ক্ষেত্ৰতো সেয়া হৈছে৷”

নাট্যকাৰ-লেখক হিল্লোল কুমাৰ পাঠকে আলোচনা সত্ৰখনত আলোচক অতিথিৰূপে অংশ লয় ৷ তেওঁ কয় “মূল কথাটো হৈছে সৃষ্টিশীলতা ৷ প্ৰথমে নাটক হ’ব লাগিব ৷ তাৰ পাছতহে নাট্য অভিযোজনা ৷” আন এগৰাকী আলোচক , নাট্যকাৰ স্বপ্না দত্ত ডেকাই কয় যে অভিযোজনাৰ নামত আনৰ নাটক এখনক নিজৰ বুলি কোৱাটো নীতি সংগত নহয় ৷ অভিযোজনাই এটা ভেটি ভাঙিব নোৱাৰে ৷ এই কথা সকলোৱে মনত ৰখা দৰকাৰ ৷ আনহাতে ব্যৱস্থাপনা এতিয়া ব্যয় বহুল হৈ পৰা উল্লেখ কৰি তেওঁ কয়---“ অপেছাদাৰী নাট্যদলৰ বাবে এয়া প্ৰত্যাহ্বান হৈ পৰিছে ৷”

আলোচনা সত্ৰখন উদ্বোধন কৰে গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হোমেশ্বৰ কলিতাই ৷ মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে আলোচনা সত্ৰখন পৰিচালনাত সহযোগিতা আগবঢ়ায় ৷ আজি বিয়লি ৩ বজাত বিশিষ্ট কবি-সমালোচক ড° বিভাস চৌধুৰীয়ে সঞ্চালনা কৰা কবি সন্মিলনত কবিতা পাঠ কৰে ৰাজেন্দ্ৰ নাথ বৰদলৈ, লুটফা হানুম চেলিমা বেগম, এম কামালুদ্দিন আহমেদ, অনুভৱ তুলসী, বিজয় শংকৰ বৰ্মন, বিমল ডেকা, অজিৎ ভড়ালী, দীপক বৰগয়াৰী, ডাঃ প্ৰয়াগ শইকীয়া, সৌৰভ শইকীয়া, বিভাৰাণী তালুকদাৰ, নীলিমা ঠাকুৰীয়া হক, চন্দন গোস্বামী, মৈত্ৰেয়ী পাটৰে ৷ কবি সন্মিলনত আৰম্ভণি বক্তব্য প্ৰদান কৰে বিশিষ্ট কবি ৰাজেন্দ্ৰ নাথ বৰদলৈয়ে ৷

কবি সন্মিলনত কবিতা পাঠ কৰে ২০২২ বৰ্ষত বড়ো ভাষাত সাহিত্য অকাডেমী লাভ কৰা ৰশ্মি চৌধুৰীয়ে ৷ তেওঁক অসম প্ৰকাশন পৰিষদৰ পৰা ফুলাম গামোছা আৰু কিতাপেৰে অভিনন্দন জনোৱা হয় ৷ উল্লেখ্য যে সতীৰ্থ প্ৰকাশনে ১০০ বছৰ পূৰ্বে প্ৰকাশিত নন্দেশ্বৰ দাসৰ “সাৱিত্ৰী” গ্ৰন্থৰ পুণৰ মুদ্ৰণ কৰি উলিয়াছে ৷ আজিৰে পৰা গ্ৰন্থমেলাত কিতাপখন উপলব্ধ হোৱা বুলি জনাইছে ৷ ইপিনে সন্ধিয়া মূল মঞ্চত অনুষ্ঠিত হয় এলানি মন পৰশা সাংস্কৃতিক কাৰ্যসূচী ৷

আৰু পঢ়কঃ কটন বিশ্ববিদ্যালয়ত সদৌ অসম ভিত্তিত প্ৰাইজমানী কুইজ প্ৰতিযোগিতা

guwahati assam book fair