কটন বিশ্ববিদ্যালয়ত সদৌ অসম ভিত্তিত প্ৰাইজমানী কুইজ প্ৰতিযোগিতা

ড০ সূৰ্য কুমাৰ ভূঞাৰ জন্ম দিৱস উপলক্ষে এই প্ৰতিযোগিতা

author-image
Asomiya Pratidin
New Update
গেজিং ৰিজাৰ্ভৰ গৰাখহনীয়া এলেকাৰ হস্তী কৰিডৰত 'অমিত সৰোবৰ' আঁচনি

ডিজিটেল সংবাদ, গুৱাহাটীঃ অহা ২৭ জানুৱাৰীত অসমৰ প্ৰখ্যাত ইতিহাসবিদ ড০ সূৰ্য্য কুমাৰ ভূঞাৰ জন্মদিন উপলক্ষে কটন বিশ্ববিদ্যালয়ত ড০ সূৰ্য্য কুমাৰ ভূঞা পুথিভঁৰালৰ সৌজন্যত আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সহযোগত এখনি সদৌ অসম ভিত্তিত মুকলি প্ৰাইজমানী কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। কুইজ প্ৰতিযোগিতাখনৰ বিষয়বস্তু হৈছে ''ড০সূৰ্য্য কুমাৰ ভূঞাৰ জীৱন আৰু কৃতি আৰু অসমৰ ইতিহাস সম্পৰ্কীয় সাধাৰণ জ্ঞান।"

Advertisment

আয়োজক সমিতিয়ে জনোৱা মতে প্ৰতিযোগিতাখনিত এটা দলত সৰ্বাধিক দুজন সদস্য থাকিব পাৰিব।ভৰ্তি মাচুলবিহীন প্ৰতিযোগিতাখন উক্ত দিনা দিনৰ ১২.৩০ বজাৰ পৰা কটনৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। অধিক জানিবলৈ আগ্ৰহীসকলে ৭০০২৩৮৮২০৩,৬০০১১৮৪০১৫ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি সমিয়ে জনায়।

আৰু পঢ়কঃ এম্বুলেন্সৰ সলনি ঘোঁৰা গাড়ীত ৰোগীক নিলে চিকিৎসালয়লৈ

assam guwahati