ধেমাজিৰ অসম গ্ৰন্থমেলালৈ জনস্ৰোত...

ধেমাজিৰ অসম গ্ৰন্থমেলালৈ জনস্ৰোত...
ধেমাজিৰ অসম গ্ৰন্থমেলালৈ জনস্ৰোত...

ডিজিটেল সংবাদ ধেমাজিঃ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত ধেমাজি কাছাৰী ময়দানত আয়োজিত অসম গ্ৰন্থমেলাত শনিবাৰে পৰিলক্ষিত হয় জনস্ৰোত ৷ শনিবাৰে নৱম দিনা বিয়লিৰ পৰা আৰম্ভ হোৱা গ্ৰন্থপ্ৰেমীৰ ভিৰে সন্ধিয়ালৈ কাছাৰী ময়দানত বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি কৰে ৷

নিজৰ পচন্দৰ কিতাপখন বিচাৰি বিপণীত ভিৰ কৰাৰ উপৰিও পাতলীয়া শীতৰ আমেজ লৈ লেখক-সাহিত্যিকৰ সৈতে আলাপ কৰি আনন্দ লভে গ্ৰন্থপ্ৰেমীসকলে ৷ ইপিনে শনিবাৰে বিয়লি ২ বজাৰ পৰা টাবুৰাম টাইদ সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় “অসমীয়া সাহিত্যৰ উত্তৰণত অসমীয়া লোক-জীৱন, লোক-সাহিত্য আৰু লোক-সংস্কৃতিৰ প্ৰভাৱ” শীৰ্ষক এখনি মনোজ্ঞ আলোচনা সত্ৰ ৷

ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক, বিশিষ্ট লেখক-গৱেষক ড° সত্যকাম বৰঠাকুৰে আলোচনা সত্ৰখন আকৰ্ষণীয় ৰূপত সঞ্চালনা কৰি কয় যে, লোক-জীৱন, লোক-সাহিত্য আৰু লোক-সংস্কৃতিয়ে হৈছে অসমীয়া সাহিত্যৰ মূল ভেটি ৷ ইয়াক নিৰ্ভৰ কৰিয়ে অসমীয়া সাহিত্যই প্ৰাণ সঞ্চাৰিত কৰিছে ৷

তেওঁ লগতে কয়- “এই বিষয়টো বিশাল আৰু গভীৰ ৷ লোক-সংস্কৃতিৰ গৱেষণা চিৰদিন অব্যাহত আছে ৷ মানুহৰ সমাজত সংস্কৃতি আৰু পৰম্পৰাৰ সদায়ে ৰূপান্তৰ ঘটে আৰু সাহিত্যই এই ৰূপান্তৰ ধৰি ৰাখিব পাৰে ৷ তদুপৰি কালোত্তীৰ্ণ সাহিত্যৰ সমল লোক-জীৱনৰ পৰাই তুলি অনা হয় ৷

লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা আৰম্ভ কৰি এতিয়ালৈ অসমীয়া সাহিত্যৰ কাণ্ডাৰীসকলো ইয়াৰ ব্যতিক্ৰম নহয় ৷ সাহিত্যক যিমানেই ফহিয়াই চোৱা হয় সিমানেই লোক-জীৱন আৰু লোক-সংস্কৃতিৰ প্ৰভাৱ বিচাৰি পোৱা যায় ৷ লোক-জীৱন আৰু লোক-সংস্কৃতিয়ে অসমীয়া সাহিত্যৰ উত্তৰণ পথ নিৰ্মাণ কৰিছে ৷”

আলোচনা সত্ৰখনত আলোচক অতিথিৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট লেখক, অধ্যাপক ড° অসীম চুতীয়াই ৷ বিষয় প্ৰসংগত তেওঁ কয়-“সাহিত্যৰ নেপথ্যত এখন সমাজ থাকে ৷ এই সমাজখনতে থাকে লোক-জীৱন, লোক-সাহিত্য আৰু লোক-সংস্কৃতি ৷ গতিকে ইয়াৰ প্ৰভাৱ সাহিত্যত থাকিবই ৷ লোক-জীৱনৰ পৰম্পৰা সংস্কৃতিৰ মাজেৰেই সাহিত্য লালিত-পালিত হয় ৷ লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা,ৰজনীকান্ত বৰদলৈ, নৱকান্ত বৰুৱা, নিৰ্মলপ্ৰভা বৰদলৈ, লীলা গগৈ, হোমেন বৰগোহাঞি, লক্ষ্মীনন্দন বৰা আদি সকলোৰে সাহিত্যত লোক-সমাজৰ ছবি স্পষ্ট হৈ আছে ৷”

সাম্প্ৰতিক সময়ৰ সাহিত্যও লোক-জীৱন, লোক-সাহিত্য আৰু লোক-সংস্কৃতিৰে নিটোল বুলি কয় তেওঁ ৷ আন এগৰাকী আলোচক অতিথি,বিশিষ্ট লেখক-গৱেষক বগেন গগৈয়ে কয় যে, অসমীয়া সাহিত্যৰ বাবে এয়া এক ব্যাপক বিষয় ৷ আচলতে সকলো ভাষাৰ সাহিত্যই লোক-জীৱন, লোক-সাহিত্যৰ পৰাই আৰম্ভ হয় ৷ সচেতন আৰু প্ৰতিভাধৰ সাহিত্যিক সকলে লোক-জীৱনৰ পৰাই সকলো তুুলি আনি সাহিত্যক নন্দনিক ৰূপ দান কৰি আহিছে ৷ অসমীয়া ভাষাতো এনে সাহিত্যৰ বহু উদাহৰণ আছে ৷ তেওঁ প্ৰসংগক্ৰমে লীলা গগৈ, হোমেন বৰগোহাঞি, বিনন্দ চন্দ্ৰ বৰুৱাকে ধৰি কেবাগৰাকী স্বনামধন্য সাহিত্যিকৰ সৃষ্টিৰ বিষয়ে উনুকিয়াই দিয়ে ৷

একেদৰে আলোচক অতিথি, বিশিষ্ট লেখক, অধ্যাপক ড° ৰণদ্বীপ বৰাই লোক-জীৱনে অসমীয়া সাহিত্যক সমৃদ্ধ কৰা বুলি উল্লেখ কৰে ৷ তেওঁ কয়- “লোক-সাহিত্য এটা জাতিৰ শিপা সদৃশ ৷ কিন্তু যি সমাজত লোক-সাহিত্যৰ সৃষ্টি হৈছিল সেই সমাজখন আজি আছেনে ? ইংৰাজী মাধ্যমৰ স্কুলত পঢ়া অসমীয়া ল’ৰা-ছোৱালীবোৰে আমাৰ সমাজত প্ৰচলিত সাঁথৰ, ফকৰা-যোজনাবোৰ জানেনে ? এয়া অতি প্ৰাসংগিক চিন্তা ৷ কাৰণ ঐতিহ্যক বাদ দি একো সৃষ্টিশীল কাম কৰা নহয় ৷ এইক্ষেত্ৰত ভাষা-সাহিত্যৰ চৰ্চাকাৰীসকলে দায়িত্ব পালন কৰিব লাগিব ৷”

তেওঁ লগতে কয় যে, লোক-সাহিত্য বা লোক-জীৱনক নতুন দৃষ্টি ভংগীৰে আধুনিক সাহিত্যলৈ তুলি আনিব পাৰি , কিন্তু বিকৃত কৰি নহয় ৷ তেতিয়াহে সাহিত্য সমৃদ্ধ হ’ব ৷ লোক-সাহিত্যক বাদ দি আধুনিক সাহিত্যই সফলতাৰ পথ প্ৰশস্ত কৰিব নোৱাৰে বুলি মন্তব্য কৰে তেওঁ ৷

আলোচনা সত্ৰখন উদ্বোধন কৰে মৰিধল মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপেন শইকীয়াই ৷ তেওঁ কয় যে, এনে আলোচনা সত্ৰৰ জৰিয়তে অসম প্ৰকাশন পৰিষদে ভাষা-সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ৷ ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰী তথা নতুন লেখক-সাহিত্যিকসকল উপকৃত হৈ আহিছে ৷ আলোচনা সত্ৰখন পৰিচালনাত সহযোগিতা আগবঢ়ায় মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৷

গ্ৰন্থমেলাৰ প্ৰেক্ষাগৃহত আজি কেইবাখনো নতুন গ্ৰন্থ উন্মোচিত হয় ৷ সন্ধিয়া গ্ৰন্থমেলাৰ মূল মঞ্চত পৰিৱেশিত হয় মনপৰশা সাংস্কৃতিক অনুষ্ঠান ৷ সাংস্কৃতিক অনুষ্ঠানৰ পূৰ্বে শিল্পী-চলচিত্ৰ নিৰ্মাতা পুলক গগৈৰ দেহাৱসানৰ বাবে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই গভীৰ শোক প্ৰকাশ কৰি তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে এক মিনিট মৌন প্ৰাৰ্থনা কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in