/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/d7351823-6b21-4f7c-a778-2bf3b1e6c92e/school_17.jpg)
নগাওঁ চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ ১৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস...
ডিজিটেল সংবাদ নগাওঁ: নগাঁৱৰে নহয় অসমৰ এখন ঐতিহ্যমণ্ডিত আৰু পুৰণি শিক্ষানুষ্ঠান নগাওঁ চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ে বৃহস্পতিবাৰে ১৫৭ বৰ্ষত ভৰি দিছে। ১৮৬৫ চনত নগাওঁ চহৰৰ মাজ মজিয়াৰ কলঙৰ পাৰৰ এক সুন্দৰ পৰিবেশত এই শিক্ষানুষ্ঠানখন স্থাপন কৰা হৈছিল।
বিদ্যালয়খনৰ ১৫৭ বছৰৰ পুৰ্তি উপলক্ষে দুদিনীয়াকৈ প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হৈছে। পুৱা বিদ্যালয়খনৰ অধ্যক্ষা দীপিকা লস্কৰে পতাকা উত্তোলনেৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।
এই কাৰ্যসূচীত জ্যেষ্ঠ অধিবক্তা তথা প্ৰাক্তন ছাত্ৰ গঙ্গা বল্লভ গোস্বামীকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ইয়াৰ পিছতে স্মৃতি তৰ্পণ অনুষ্ঠান অনুষ্ঠিত হয়।
দিনৰ ১০ বজাত বিদ্যালয়ৰ ছাত্ৰসকলে নগাওঁ চহৰত এক আকৰ্ষণীয় শোভাযাত্ৰা উলিয়াই। সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে জেষ্ঠ সাংবাদিক কনক হাজৰিকাই। দিনৰ ১১ বজাত অনুষ্ঠিত মুকলি সভা আৰু ন্যাসৰ বঁটা প্ৰদান অনুষ্ঠানত সভপতিত্ব কৰে বিদ্যালয়খনৰ অধ্যক্ষা দীপিকা লস্কৰে।
সভাত নগাওঁ সংমণ্ডল বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে ভাষণ প্ৰসঙ্গত আগন্তুক বৰ্ষৰ পৰা আৰম্ভ হ'বলগীয়া নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ সম্পৰ্কে ছাত্ৰ, শিক্ষক, সংশ্লিষ্ট সকলো পক্ষকে সজাগ হৈ থাকিবলৈ আহ্বান জনায়। আনহাতে মুকলি সভাতে বিদ্যালয়খনৰ বিভিন্ন ন্যাসৰ বাৰ্ষিক বঁটাসমূহ ক্ৰমে ১৯৫৯ বৰ্ষৰ প্ৰাক্তন ছাত্ৰসকলৰ দ্বাৰা গঠিত ন্যাসৰ সহপাঠী বন্ধু সমাৰোহ বঁটা মেধাৱী ছাত্ৰ কৰণ চক্ৰৱৰ্তী, কেপ্টেইন থানেশ্বৰ শৰ্মা পৰাশৰ স্মৃতি ন্যাসৰ বঁটা ক্ষেম প্ৰকাশ দাস, পুৰ্ণকান্ত ৰাজখোৱা - ঘুনুচা স্মৃতি ন্যাসৰ বঁটা আছিফ আহমেদ, দীপ্তি গোস্বামী সোঁৱৰণী বঁটা খঞ্জন নাথ আৰু স্বৰ্গীয় মহীকান্ত পৰিয়ালৰ দ্বাৰা পৰিচালিত ন্যাসৰ বঁটা নিশিত দাস, প্ৰাক্তন মেধাৱী ছাত্ৰ স্বৰ্গীয় পূবেৰুণ বৰা সোঁৱৰণী ন্যাসৰ বঁটাসমূহ ক্ৰমে নীলাদ্ৰী বিশ্বাস, জ্যোতিময় দাস, জয় বিশ্বাস, গুঞ্জন হোড় আৰু মাধুৰ্য গায়নক প্ৰদান কৰা হয়।
বিশিষ্ট গল্পকাৰ তথা প্ৰাক্তন ছাত্ৰ ভদ্ৰেশ্বৰ ৰাজখোৱা অৱসৰপ্ৰাপ্ত শিক্ষক ভাৰত চন্দ্ৰ নাথ গোবিন শইকিয়াকে ধৰি প্ৰাক্তন শিক্ষক -শিক্ষয়িত্ৰী, প্ৰাক্তন ছাত্ৰ, অভিভাৱক আদি উপস্থিত থাকে। সভাতেই ২০১২ চনৰ পৰা বৰ্তমানলৈকে বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক, শিক্ষয়িত্ৰীসকলৰ কৰ্মৰাজি বৰ্ণনা কৰি শিক্ষক হিৰণ্য শৰ্মা, ড০ মুনমুন বৰাৰ সম্পাদনাত প্ৰকাশ কৰা" সান্নিধ্যৰ সুবাস" নামৰ গ্ৰন্থ খন উন্মোচন কৰা হয়।
সভাত বিদ্যালয়খনৰ প্ৰায় ১৭ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক, শিক্ষয়িত্ৰীক সম্বৰ্ধনা জনোৱা হয়। বিয়লি বিদ্যালয়ৰ ছাত্ৰসকলৰ দ্বাৰা শ্ৰীকৃষ্ণৰ ৰাসলীলা প্ৰদৰ্শন কৰা হয়। সন্ধিয়া বিদ্যালয়ৰ চৌহদত ১৫৭গছি বন্তি প্ৰজ্বলন কৰা হয়।
শুকুৰবাৰে পুৱা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত শিল্পী ঋতুৰাণী মৌচুমীয়ে গীত পৰিৱেশন কৰিব। বিয়লি প্ৰতিষ্ঠা দিৱসৰ সামৰণি পৰিব।
ক্লিক কৰি পঢ়কঃ ঢকুৱাখনাত বিজ্ঞান সন্মত ৰেচম পালনৰ ৫ দিনীয়া প্ৰশিক্ষণ...