/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/assam-bidhan-sobha.jpg)
২০ ডিচেম্বৰৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন...
ডিজিটেল ডেস্কঃ অহা ২০ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন। ৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব অসম বিধানসভাৰ এই ৫ দিনীয়া অধিৱেশন।
অসম বিধানসভাৰ এই অধিৱেশনত উত্থাপন কৰা হ'ব কেইবাখনো বিধেয়ক। ২১ ডিচেম্বৰত উত্থাপন হ'ব ২ খন চৰকাৰী বিধেয়ক। তাৰোপৰি এই অধিৱেশনত থাকিব সাধাৰণ প্ৰশ্ন-উত্তৰ শিতান আৰু দাবী মঞ্জুৰি প্ৰস্তাৱ।
ইতিমধ্যে অসম চৰকাৰৰ কেইবাটাও সিদ্ধান্ত আৰু চুবুৰীয়া ৰাজ্যৰ সৈতে সংঘটিত হোৱা তিক্ততাপূৰ্ণ পৰিস্থিতিক লৈ সৃষ্টি হোৱা বিতৰ্ককলৈ বিৰোধীয়ে ইতিমধ্যে চৰকাৰক বিভিন্ন ধৰেণে সমালোচনা কৰিছে। এই বিষয়সমূহ বিধানসভাৰ মজিয়াটো যে স্থান পাব সেয়া নিশ্চিত।
ক্লিক কৰি পঢ়কঃ মাণ্ডাছৰ ভয়ত ত্ৰষ্টমান তামিলনাডু ! ব্যৱসায়-বাণিজ্য, স্কুল-কলেজ সকলো বন্ধ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us