অসম বিধানসভাত আছে বহুৱা ! ১ আৰু ২ নম্বৰৰ বহুৱা কোন ক'লে শ্বেৰমান আলীয়ে...

অসম বিধানসভাত আছে বহুৱা ! ১ আৰু ২ নম্বৰৰ বহুৱা কোন ক'লে শ্বেৰমান আলীয়ে...
অসম বিধানসভাত আছে বহুৱা ! ১ আৰু ২ নম্বৰৰ বহুৱা কোন ক'লে শ্বেৰমান আলীয়ে...

ডিজিটেল ডেস্কঃ ১২৬ জন বিধায়কৰ মাজত বহুৱাৰ প্ৰতিযোগিতা ! অসম বিধানসভাৰ পবিত্ৰ মজিয়াত সন্মানীয় জন প্ৰতিনিধি নহয়, আছে হেনো বহুৱা ! এয়াই আজিৰ অসমৰ ৰাজনীতি।

বহু বিতৰ্কিত নিলম্বিত কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীয়ে অসম বিধানসভাৰ মজিয়াত বিচাৰি পাইছে বহুৱা। ১২৬ জন বিধায়কৰ মাজত যদি বহুৱা প্ৰতিযোগিতা পাতে তেন্তে কোনে পাব প্ৰথম স্থান তাৰ ওপৰতো আগবঢ়ালে বাখ্যা।

বহুৱা বিচাৰকৰ ভূমিকা লোৱা শ্বেৰমান আলীৰ মতে মৰিয়নিৰ বিধায়ক বিধায়ক ৰূপজ্যোতি কুৰ্মী অসম বিধানসভাৰ ১ নম্বৰ বহুৱা। শ্বেৰমান আলীৰ বহুৱাৰ তালিকাত দ্বিতীয়স্থানত আছে কংগ্ৰেছৰ বিধায়ক প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন।

অসম বিধানসভাৰ অধিৱেশন চলি থকাৰ মাজতে সাংবাদিক আগত শ্বেৰমান আলীয়ে আগবঢ়াইছে এই মন্তব্য। শ্বেৰমান আলীয়ে ৰূপজ্যোতি কুৰ্মীৰ সন্দৰ্ভত মন্তব্য কৰিবলৈ গৈ কয়, ৰূপজ্যোতি কুৰ্মী কেনেকুৱা ধৰণৰ ব্যক্তিত্ব থকা বিধায়ক সেয়া অসমৰ ৰাইজে জানে।

তেওঁ কয়, বিধায়কসকলৰ মাজত আটাইতকৈ বেছি বহুৱালি কৰাৰ ক্ষেত্ৰত যদি পুৰস্কাৰ দিব পৰা ব্যৱস্থা থাকিল হয় তেন্তে, ৰূপজ্যোতি কুৰ্মীয়ে প্ৰথম পুৰস্কাৰ লাভ কৰিলে হয়। আনহাতে নামনি অসমত চৰৰ মানুহৰ বাবেই বেছি বানপানী হয় বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, চৰৰ মানুহৰ বাবে বানপানী হোৱা বুলি কোৱা কথাষাৰ শুদ্ধ নহয়। বানপানীত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয় চৰৰ মানুহ।

শ্বেৰমান আলীৰ মতে অসম বিধানসভাৰ দ্বিতীয়জন বহুৱা হেনো ৰকিবুল হুছেইন। তেওঁৰ মতে ৰকিবুল হুছেইন এজন ব্লেকমেইলাৰ। বটদ্ৰৱাৰ উচ্ছেদক অসম বিধানসভাত বিৰোধী দলপতি তথা বিধায়ক দেবব্ৰত শইকীয়াই সমৰ্থন কৰি মন্তব্য কৰাৰ সমময়ত ৰকিবুল হুছেইনে বিধানসভাত মৌনতা অৱলম্বন কৰি পৰৱৰ্তী সময়ত বটদ্ৰৱাৰ উচ্ছেদিতৰ কাষলৈ লগত ৬/৭ জন বিধায়ক লৈ গৈ উপস্থিত হোৱাৰ কথা উনুকিয়াই বিধায়ক শ্বেৰমানে।

তেওঁ কংগ্ৰেছ দলত ৰকিবুল হুছেইনক ব্লেকমেইলাৰ আখ্যা দি দলটোৰ ভিতৰত কেঞ্চাৰ থকা বুলিও মন্তব্য কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in