Advertisment

অসম-অৰুণাচলৰ বিবাদমান ভূমিত অৰুণাচলীৰ সুৰাৰ দোকানক লৈ উত্তেজনা..

অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী ধেমাজি জিলা চিলাপথাৰত বিবাদমান ভূমি সমস্যাক লৈ চেপা উত্তেজনা। চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চিলি অসমীয়া গাঁৱত  অৰুণাচলী লোকে সুৰাৰ দোকান নিৰ্মাণ কৰাক লৈ জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজে ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,চিলাপথাৰঃ অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী ধেমাজি জিলা চিলাপথাৰত বিবাদমান ভূমি সমস্যাক লৈ চেপা উত্তেজনা। চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চিলি অসমীয়া গাঁৱত  অৰুণাচলী লোকে সুৰাৰ দোকান নিৰ্মাণ কৰাক লৈ জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজে ।

Advertisment

 চিলাপথাৰৰ চিলিত অসমৰ ভূমিত অৰুণাচলী সুৰাৰ দোকান নিৰ্মাণ অতি শীঘ্ৰে বন্ধৰ দাবী জনালে স্থানীয় ৰাইজে । উল্লেখযোগ্য যে  দশক দশক ধৰি অসমৰ ভূমি হিচাপে পৰিচিত জোনাই সমষ্টিৰ চিলি অসমীয়া গাঁও অৰুণাচল প্ৰদেশখনৰ বুলি অৰুণাচলৰ একাংশই দাবী জনাই আহিছে।

চিলাপথাৰৰ চিলি অসমীয়া গাঁৱত বিবদমান ভূমিত এইবাৰ অৰুণাচলৰ এজন ব্যৱসায়ীয়ে এখন সুৰাৰ দোকান নিৰ্মাণৰ আৰম্ভ কৰিছে । ইতিমধ্যেই সুৰাৰ বেনাৰ লগাই দোকানৰ কামকাজ আৰম্ভ কৰাৰ সময়তেই অসমৰ খিলঞ্জীয়া স্হানীয় ৰাইজে বন্ধ কৰিবলৈ দাবী জনাই আহিছে যদিও অৰুণাচলৰ সুৰাৰ দোকানৰ স্বতাধিকাৰীয়ে কেৰেপ কৰা নাই ।

 উল্লেখযোগ্য যে বসুন্ধৰা ০.১/০.২ আৰু ০.৩ আঁচনিৰ যোগেদি অসম চৰকাৰে মাটি পট্টা দিয়াৰ ব্যৱস্হা কৰিছে যদিও আজি পৰ্যন্ত চিলি অসমীয়াৰ গাঁৱৰ ৰাইজে বঞ্চিত হৈ থকাত অৰুণাচল প্ৰদেশৰ একাংশ লোকে সুযোগ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ।

 

অসমৰ ভূমিত নিৰ্মীয়মান অৰুণাচলীৰ সুৰাৰ দোকান অনতিপলমে বন্ধ কৰিবলৈ অসম চৰকাৰক আহ্বান জনায় স্থানীয় ৰাইজে । অন্যথা গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰে।

চিলাপথাৰ অসম অৰুণাচল ভূমি বিবাদ