ৰাণীখেত ৰোগ প্ৰতিৰোধী ভেকচিন উদ্ভাৱন অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ...

ৰাণীখেত ৰোগ প্ৰতিৰোধী ভেকচিন উদ্ভাৱন অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ...

author-image
Asomiya Pratidin
New Update
ৰাণীখেত ৰোগ প্ৰতিৰোধী ভেকচিন উদ্ভাৱন অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ...

ৰাণীখেত ৰোগ প্ৰতিৰোধী ভেকচিন উদ্ভাৱন অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ...

ডিজিটেল সংবাদ যোৰহাটঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে দীৰ্ঘদিনীয়া গৱেষণাৰে প্ৰস্তুত কৰা কুকুৰাৰ ৰাণীখেত ৰোগৰ উষ্ণতা সহিষ্ণু ভেকচিন প্ৰযুক্তি আজি বুজাবুজি চুক্তিৰ জৰিয়তে ভাৰত তথা এছিয়াৰ সৰ্ববৃহৎ পল্ট্ৰী কোম্পানী ভেংকটেশ্বৰ হেচাৰী গ্ৰুপৰ ভেন্ট্ৰি বায়'লজিকেলচলৈ হস্তান্তৰ কৰে। আজি অসম কৃষি বিশ্ববিদ্যালয়ৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত উপাচাৰ্য ডাঃ বিদ্যুৎ চন্দন ডেকাৰ উপস্থিতিত অনুষ্ঠিত এক অনুষ্ঠানত এই বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।

Advertisment

এই উপলক্ষে বক্তব্যত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই উদ্ভাৱকসকলক প্ৰশংসা কৰি এই প্ৰযুক্তি গ্ৰহণ কৰিবলৈ আগবাঢ়ি অহাৰ বাবে ভেংকটেশ্বৰ হেচাৰী গোটক ধন্যবাদ জ্ঞাপন কৰে। এই ভেকচিনে অনাগত দিনত হাঁহ-কুকুৰা পামত এক বিপ্লৱৰ সূচনা কৰিব বুলি আশা ব্যক্ত কৰে।

পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ গৱেষণা সঞ্চালক ড০ নিৰঞ্জন কলিতাই আদৰণি ভাষণত এই প্ৰযুক্তিৰ দ্বাৰা কৃষক সমাজে যথেষ্ট উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰে । অনুজীৱ বিজ্ঞান বিভাগৰ বিজ্ঞানী ড০ পংকজ ডেকাৰ নেতৃত্বত প্ৰস্তুত কৰা এই কুকুৰাৰ ৰানীখেত ৰোগৰ উষ্ণতা সহিষ্ণু ভেকচিনৰ প্ৰযুক্তি হস্তান্তৰৰ এই অনুষ্ঠানত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ বিজ্ঞান গুৰু ডাঃ বিবেক নন্দ শইকীয়াই দুয়োপক্ষকে ধন্যবাদ জ্ঞাপন কৰি পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ মহাৰাজত বৰ্ষত কৃষক সমাজলৈ ভেকচিন বিকাশ এক গুৰুত্বপূৰ্ণ অৱদান বুলি কয়।

প্ৰযুক্তি হস্তান্তৰৰ বিনিময়ত কোম্পানীটোৱে পাঁচ বছৰৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ক নগদ ১০ লাখ টকা আৰু বছৰি ২.৫ শতাংশ ৰয়েল্টি দিব। এই অনুষ্ঠানত যুটীয়া পঞ্জীয়ক বীৰেন্দ্ৰ কুমাৰ শৰ্মা, সহযোগী শিক্ষা সম্প্ৰসাৰণ বিষয়া ডাঃ অতুল বৰগোহাঁই, পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ মুৰব্বী অধ্যাপক, বিজ্ঞানী আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

ক্লিক কৰি পঢ়কঃ হৰভজন সিঙৰ ঘৰত চোৰ ! লুটি নিলে হীৰাৰ আঙুঠিসহ প্ৰায় ১৬ লক্ষাধিক টকাৰ সম্পত্তি...

assam agricultural university