ধুবুৰীত অসমী ভোগালী মেলা আৰম্ভ

প্ৰতিটো আত্মসহায়ক গোটৰ ব্যৱসায়িক সপোন থাকিব লাগেঃ জিলা উপায়ুক্ত
ধুবুৰীত অসমী ভোগালী মেলা আৰম্ভ
ধুবুৰীত অসমী ভোগালী মেলা আৰম্ভ

ডিজিটেল সংবাদ, ধুবুৰীঃ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ধুবুৰী জিলা অভিযান পৰিচালনা শাখাৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত বুধবাৰৰ পৰা আৰম্ভ হৈছে অসমী ভোগালী মেলা-২০২৩ । ধুবুৰী জিলা উপায়ুক্ত দিবাকৰ নাথে মেলাখনৰ শুভাৰম্ভ কৰে ৷

জিলা উপায়ুক্তগৰাকীয়ে আত্মসহায়ক গোটৰ মহিলাসকলক কেইটামান নিৰ্দিষ্ট কামতে নিজক আৱদ্ধ কৰি ৰখাৰ পৰিৱৰ্তে নতুন নতুন কাৰ্যত জড়িত হ'বলৈ আহ্বান জনায় ৷ তেওঁ প্ৰসংগক্ৰমে কৰ্ণাটকত আত্মসহায়ক গোটৰ মহিলাই বিমান বন্দৰত হাউছ কিপিঙৰ দৰে কামত জড়িত হোৱাৰ উদাহৰণ দাঙি ধৰে ৷

তেওঁ আত্মসহায়ক গোটসমূহক উদেশ্যি কয়, 'আপোনালোকে এটা ব্যৱসায়িক সপোন লৈ আগবাঢ়ক ৷ পৰৱৰ্তী ৫ বছৰলৈ কেনেদৰে আগবাঢ়িব সেই সন্দৰ্ভত সকলোৰে এক ৰোড মেপ থাকিব লাগে ৷ এটা উদ্যোগ যেনেকৈ চলে আপোনালোকেও তেনেকৈ চলিব লাগিব ৷' অহা ১৩ জানুৱাৰীলৈকে চলিবলগীয়া অসমী ভোগালী মেলাৰ উদ্বোধনী অনুষ্ঠানত জিলা উন্নয়ণ আয়ুক্ত কান্তা দাস, ধুবুৰী পৌৰসভাৰ পৌৰপতি ডাঃ দেৱময় সান্যাল প্ৰমুখ্যে কেবাজনো বিষয়া উপস্থিত থাকে ৷

ভাষণত ডাঃ দেৱময় সান্যালে ধুবুৰীৰ আত্মসহায়ক গোটসমূহৰ সামগ্ৰী বছৰৰ সকলো সময়তে গ্ৰাহকে ক্ৰয় কৰিব পৰাকৈ এক স্থায়ী বিপনীৰ প্ৰয়োজন বুলি কয় । অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ধুবুৰী জিলা অভিযান পৰিচালক আছিফ আহমেদে জনোৱা অনুসৰি তিনিদিনীয়াকৈ আয়েজন কৰা অসমী ভোগালী মেলাৰ ৩০ খন বিপনীত আত্মসহায়ক গোটসমূহে পিঠা-পনাকে ধৰি বিভিন্ন থলুৱা খাদ্য সামগ্ৰী, হস্ততাঁত আৰু হস্তশিল্পৰ সামগ্ৰী আদি বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে ৷

প্ৰতিদিনে পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৮ বজালৈ সৰ্বসাধাৰণ ৰাইজৰ বাবে অসমী ভোগালী মেলা মুকলি থাকিব৷ তেওঁ মেলাখনলৈ আহিবলৈ সৰ্বস্তৰৰ ৰাইজক আহ্বান জনায় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in