ড০ শিৱনাথ বৰ্মনৰ মৃত্যুত শোক প্ৰকাশ অসম সাহিত্য সভা,অসম জাতীয় পৰিষদৰ...

মৃতকৰ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন

author-image
Asomiya Pratidin
New Update
নৱগ্ৰহত আজি সম্পন্ন হ'ব বিশিষ্ট চিন্তাবিদ শিৱনাথ বৰ্মনৰ শেষকৃত্য

ডিজিটেল সংবাদ,গুৱাহাটীঃ বিশিষ্ট সাংবাদিক, সাহিত্যিক, শিক্ষাবিদ, প্ৰবন্ধকাৰ তথা অসম সাহিত্য সভাৰ ছগনলাল জৈন সোঁৱৰণি সমন্বয় বঁটা প্ৰাপক ড° শিৱনাথ বৰ্মনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম সাহিত্য সভাই ৷ এক শোক বাৰ্তাত সভাৰ সভাপতি ড° কুলধৰ শইকীয়াই ড° বৰ্মনৰ মৃত্যু অসমৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে ৷ ড° শইকীয়াই শোক বাৰ্তাটোত মৃতকৰ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷

Advertisment

আনহাতে, ড° বৰ্মনৰ মৃত্যুত অসম জাতীয় পৰিষদ দলেও গভীৰ শোক প্ৰকাশ কৰে। দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক শোকবাৰ্তাত কয় যে অসমৰ শৈক্ষিক, সাহিত্য, সাংবাদিকতা আদি ক্ষেত্ৰত ডঃ বৰ্মনে অতুলনীয় অৱদান আগবঢ়াই গৈছে ৷ ড০ বৰ্মনৰ মৃত্যু জাতীয় জীৱনৰ অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই ড০ বৰ্মনৰ শোকসন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে ৷

আৰু পঢ়কঃ অগ্নি-৫ মিছাইলৰ সফল পৰীক্ষণ! ৫,০০০ কিলোমিটাৰ দূৰত থকা লক্ষ্যবস্তু কৰিব পাৰিব ভেদ

dr sivanath barman assam guwahati