agni 5 missile tested
agni 5 missile tested

অগ্নি-৫ মিছাইলৰ সফল পৰীক্ষণ! ৫,০০০ কিলোমিটাৰ দূৰত থকা লক্ষ্যবস্তু কৰিব পাৰিব ভেদ

যোৱা সপ্তাহত অৰুণাচল প্ৰদেশৰ সীমান্তত চীন-ভাৰতৰ সেনাৰ মাজত সংঘৰ্ষ হৈছিল।এই উত্তেজনাৰ মাজতেই আহে এক ভাল খবৰ।

ডিজিটেল ডেস্ক: যোৱা সপ্তাহত অৰুণাচল প্ৰদেশৰ সীমান্তত চীন-ভাৰতৰ সেনাৰ মাজত সংঘৰ্ষ হৈছিল। সেই উত্তেজনাৰ মাজতে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰই বৃহস্পতিবাৰে কয় যে ভাৰতে নিশা পাৰমাণৱিক-সক্ষম অগ্নি-৫ বেলিষ্টিক মিছাইলৰ সফল পৰীক্ষন কৰে। এই মিছাইলে ৫,৪০০ কিলোমিটাৰতকৈও অধিক দূৰত্বত লক্ষ্যবস্তুত আক্ৰমণ কৰিব পাৰে।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰই কয় যে মিছাইলত নতুন প্ৰযুক্তি আৰু সঁজুলিৰ বৈধতা প্ৰদান কৰিবলৈ পৰীক্ষাটো কৰা হৈছিল । ইয়াৰ দ্বাৰা এইটো প্ৰমাণিত হৈছে যে মিছাইলে এতিয়া আগৰ তুলনাত বহু দূৰত্বৰ লক্ষ্যত আক্ৰমণ কৰিব পাৰিব।

আন্তঃমহাদেশীয় পাৰমাণৱিক সক্ষম বেলিষ্টিক মিছাইলটো উৰিষ্যাৰ উপকূলৰ আব্দুল কালাম দ্বীপৰ পৰা নিক্ষেপ কৰা হৈছিল। বহু আগৰ পৰাই ইয়াৰ পৰিকল্পনা কৰা হৈছিল।

উল্লেখ্য যে এইটো অগ্নি-৫ৰ নৱমতম উৰণ। ইয়াৰ প্ৰথম পৰীক্ষণ ২০২১ চনতেই কৰা হৈছিল।


আৰু পঢ়ক: বিজ্ঞাপনৰ নামত চৰকাৰে খৰচ কৰিলে ৩,৭২৩ কোটি টকা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in