/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/ca763ed0-360b-40f3-8b5d-09eab7c71a6a/lumding.jpg)
ডিজিটেল সংবাদ, লামডিং: লামডিঙত সীমা বিবাদক লৈ উত্তপ্ত পৰিস্থিতি। লামডিং কৃষ্ণবস্তিৰ এজন ১৩ বছৰীয়া কিশোৰ প্ৰহাৰ কৰি গছত বান্ধি ৰখাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত।
নগাওঁ জিলা আৰু কাৰ্বিআংলং জিলাৰ সীমাক লৈ বহু দিনৰপে পৰা চলি আছে বিবাদ।লামডিং কৃষ্ণবস্তি আৰু কাৰ্বিবস্তিৰ মাজত পুনৰ সীমা বিবাদ লৈ সংঘাতৰ সৃষ্টি হৈছে।
অভিযোগ অনুসৰি এইবাৰ গৰু চৰাবলৈ যোৱা এজন কিশোৰক গছত বান্ধি ৰাখিলে কাৰ্বি লোকে।কাৰ্বি আংলং জিলাৰ সীমাত গৰু চৰাবলৈ যোৱাৰ অপৰাধাত এই অমানৱীয় কাণ্ড সংঘটিত হোৱাৰ অভিযোগ ৷
ঘটনাস্থলীত লামডিং আৰক্ষী উপস্থিত হৈ কিশোৰ জনক উদ্ধাৰ কৰাৰ লগতে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ আনফালে এই ঘটনাৰ পিছতে কাৰ্বি লোক সকলে জনাই যে দুসপ্তাহৰ পূৰ্বেই কাৰ্বি আংলং কমিটিয়ে এই সীমা বান্ধি দিয়াৰ সিদ্ধান্ত লৈছিল ৷
সেয়হে কাৰ্বি আংলং সীমাৰে নগাঁৱৰ লোকক যাতায়ত কৰাৰ অনুমতি প্ৰদান কৰা নহ'ব । দুয়োখন জিলাত যাতায়ত বন্ধ কৰা ঘটনাই এতিয়া চিন্তনীয় কৰিছে লামডিঙৰ কৃষ্ণবস্তিৰ ৰাইজক।
আৰু পঢ়ক: আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱানড' প্ৰতিযোগিতাত সোণৰ পদক লাভ গোলাঘাটৰ হিমাদ্ৰীৰ...