তিনি বিশিষ্ট অসমীয়ালৈ অসম ছোচিঅ লিটাৰেৰী ক্লাবৰ অসম-বংগ বঁটা ঘোষণা...

তিনি বিশিষ্ট অসমীয়ালৈ অসম ছোচিঅ লিটাৰেৰী ক্লাবৰ অসম-বংগ বঁটা ঘোষণা...

ডিজিটেল ডেস্ক : ঐতিহ্য আৰু গৰিমাৰ বিৰামহীন যাত্ৰাৰে অগ্ৰগামী, কলকাতাৰ অসম ছোচিঅ লিটাৰেৰী ক্লাবৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে বাৰেৰহণীয়া কাৰ্যসূচী পালন কৰিবলৈ স্থিৰ কৰা হৈছে। এই উপলক্ষে ২০ মে' তাৰিখে কলকাতাৰ চল্টলেকস্থিত ই.জেদ.চি.চি প্ৰেক্ষাগৃহত বিশাল সংগীতানুষ্ঠানৰ আয়োজন কৰিছে আয়োজক সকলে। য'ত সংগীত পৰিৱেশন কৰিব অসমৰ জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গে।

অনুষ্ঠানৰ লগত সংগতি ৰাখি ১৯ মে'ৰ দিনা আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ডেৰশ বছৰীয়া গৌৰৱময় গাথাৰ মিঠা সোঁৱৰণ কৰাৰ লগতে সামাজিক সাংস্কৃতিক ক্ষেত্ৰলৈ অৱদান আগবঢ়াৱো বিশিষ্ট ব্যক্তি তথা ক্লাবৰ প্ৰাক্তন সভাপতি, সম্পাদক সকলক জনোৱা হ'ব সম্বৰ্দ্ধনা। অসমৰ ভাষা সাহিত্যৰ উত্তৰণমুখী যাত্ৰাত অসম ছোচিঅ লিটাৰেৰী ক্লাবৰ অৱদান শীৰ্ষক এখনি আলোচনা সত্ৰৰ আয়োজন কৰা হৈছে ।

আনহাতে ২০ মে'ৰ সন্ধিয়া অসমৰ জনপ্ৰিয় ঔপন্যাসিক, সাদিনৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰীক তেখেতৰ বিশাল সাহিত্য সাধনাৰ বাবে এ এচ এল "সাহিত্যাৰ্নব" বঁটা আৰু বিশিষ্ট নাট্যকাৰ, সাংবাদিক তথা সাহিত্যক ধ্ৰুৱজ্যোতি শৰ্মাক নাট্য-সাধনা আৰু বাগ্মিতাৰ বাবে "এ এচ এল কথাসূৰ্য" বঁটাৰে সন্মানিত কৰা হ'ব। এই অনুষ্ঠানতে জুবিন গাৰ্গক "এ এচ এল আইকন জাতীয় গৌৰৱ" বঁটা প্ৰদান কৰা হ'ব বুলি অসম লিটাৰেৰী ক্লাবৰ সভাপতি প্ৰকাশ আচাৰ্যই জানিবলৈ দিছে।

এই বঁটা অসম-বংগ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা হিচাপে পৰিগণিত হ'ব । তিনিওকে একেটা অনুষ্ঠানতে প্ৰদান কৰা হ'ব বঁটা। বঁটাৰ লগত নগদ ধন, প্ৰশস্তি পত্ৰ, স্মাৰক, অংগবস্ত্ৰ , অসমীয়া গামোচা আৰু গ্ৰন্থৰ টোপোলা থাকিব বুলি ক্লাবৰ সম্পাদক পৰিমল দাসে এক বিবৃতিত জনোৱাৰ লগতে অসম-বংগবাসীৰ সহযোগ কামনা কৰিছে।

তিনি বিশিষ্ট অসমীয়ালৈ অসম ছোচিঅ লিটাৰেৰী ক্লাবৰ অসম-বংগ বঁটা ঘোষণা...
ডি:বি:ৰ একবিংশতম দীক্ষান্ত সমাৰোহ: সাহিত্যিক নিৰুপমা বৰগোহাঞিক ডি লিট্ সন্মান, ৩৯ জন শিক্ষাৰ্থীলৈ স্বৰ্ণ পদক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in