এছিয়ান গেমছত পুৱাই দেশলৈ আহিল স্বৰ্ণ পদক

এছিয়ান গেমছৰ পৰা পুৱাই দেশলৈ আহিল এটা ভাল খবৰ। মহিলা আৰ্চাৰীৰ কম্পাউণ্ডৰ একক শাখাত স্বৰ্ণ জয় কৰিছে ভাৰতীয় খেলুৱৈয়ে

author-image
Asomiya Pratidin
New Update
এছিয়ান গেমছত পুৱাই দেশলৈ আহিল স্বৰ্ণ পদক

ডিজিটেল ডেস্কঃ এছিয়ান গেমছৰ পৰা পুৱাই দেশলৈ আহিল এটা ভাল খবৰ। মহিলা আৰ্চাৰীৰ কম্পাউণ্ডৰ একক শাখাত স্বৰ্ণ জয় কৰিছে ভাৰতীয় খেলুৱৈয়ে। কোৰিয়াৰ প্রতিদ্বন্দ্বীক পৰাস্ত কৰি স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছে ভাৰতীয় খেলুৱৈ জ্যোতি সুৰেখাই।

Advertisment

উল্লেখ্য যে, একেটা শাখাতে ব্রঞ্জৰ পদকো লাভ কৰিছে ভাৰতীয় খেলুৱৈয়ে। এই প্ৰতিযোগিতাত আদিতি স্বামীয়ে জয় কৰিছে ব্রঞ্জৰ পদক। ইপিনে বৰ্তমানলৈকে ২৩টা স্বৰ্ণ পদকসহ মুঠ ৯৭টা পদক লাভ কৰিছে ভাৰতে। তদুপৰি এই বৰ্ষৰ এছিয়ান গেমছত শতক পদক অৰ্জনৰ দিশে আগবাঢ়িছে ভাৰত।

Also Read: মহানগৰীৰ 'খাওঁগলি'ত ভয়ংকৰ অগ্নিকাণ্ড

Asian Games 2023