'শচীন পাইলট এজন বিশ্বাসঘাটক' ৰাজস্থানত পুনৰ কংগ্ৰেছৰ সংঘাত !

এক সূত্ৰৰ জৰিয়তে অশোক গেহলটে শচীন পাইলটক তীব্ৰ সমালোচনা কৰি 'বিশ্বাসঘাতক' বুলি অভিহিত কৰে

author-image
Asomiya Pratidin
New Update
'শচীন পাইলট এজন বিশ্বাসঘাটক' ৰাজস্থানত পুনৰ কংগ্ৰেছৰ সংঘাত !

rajasthan

ডিজিটেল ডেস্ক : ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে এতিয়া ধৈৰ্য্য হেৰুৱাইছে। দলৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীৰ সৈতে গুজৰাটত প্ৰচাৰ চলাই থকা সময়তে অশোক গেহলটে এক সূত্ৰৰ জৰিয়তে তেওঁ শচীন পাইলটক তীব্ৰ সমালোচনা কৰি 'বিশ্বাসঘাতক' বুলি অভিহিত কৰে।

Advertisment

অশোক গেহলটে শচীন পাইলটক উদ্দেশ্যি কয় যে "এজন বিশ্বাসঘাতক কেতিয়াও মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। হাইকমাণ্ডে শচীন পাইলটক মুখ্যমন্ত্ৰী বনাব নোৱাৰে। তেওঁ এনে এজন ব্যক্তি যাৰ ১০ জন বিধায়কো নাই। তেওঁ এনে এজন মানুহ যিয়ে বিদ্ৰোহ কৰিছিল।" শচীন পাইলটে নিজৰ দলক বিশ্বাসঘাতকতা কৰিছিল বুলিও তেওঁ উল্লেখ কৰে।

এক সংবাদমাধ্যমৰ সাক্ষাৎকাৰৰ সময়ত অশোক গেহলটে ২০২০ চনত 'বিদ্ৰোহ' সম্পৰ্কে বৰ্ণনা কৰি কয় যে, "ভাৰতত এইটো প্ৰথমবাৰৰ বাবে ঘটিব পাৰে, যেতিয়া এজন দলৰ সভাপতিয়ে তেওঁৰ নিজৰ চৰকাৰখনক ধ্বংস কৰিবলৈ চেষ্টা কৰিছিল।"

আৰু পঢ়ক : দিল্লীৰ জামা মছজিদত নিষিদ্ধ কৰা হ'ল যুৱতীৰ প্ৰৱেশ!

india sashin pailot ashok gehlot indian national congress