দিল্লীৰ জামা মছজিদত নিষিদ্ধ কৰা হ'ল যুৱতীৰ প্ৰৱেশ!

দিল্লীস্থিত জামা মছজিদৰ প্ৰশাসনে গ্ৰহণ কৰিছে এক সিন্ধান্ত। এই সিদ্ধান্তৰ পাছতেই বহুতে ইয়াৰ বিৰোধিতা কৰিছে। মছজিদৰ মুখ্য দুৱাৰত জাননী জাৰি কৰি যুৱতীৰ প্ৰৱেশ নিষিদ্ধ কৰিছে।
দিল্লীৰ জামা মছজিদত নিষিদ্ধ কৰা হ'ল যুৱতীৰ প্ৰৱেশ!

ডিজিটেল ডেস্ক: দিল্লীস্থিত জামা মছজিদৰ প্ৰশাসনে গ্ৰহণ কৰিছে এক সিন্ধান্ত। এই সিদ্ধান্তৰ পাছতেই বহুতে ইয়াৰ বিৰোধিতা কৰিছে। মছজিদৰ মুখ্য দুৱাৰত জাননী জাৰি কৰি যুৱতীৰ প্ৰৱেশ নিষিদ্ধ কৰিছে। অৰ্থাত অকলে যুৱতীয় প্ৰৱেশ কৰিব নোৱাৰিব মছজিদত।

জামা মছজিদৰ পিআৰঅ' চাবিউল্লাহ খানে কয়, "ইয়ালৈ অহা যুৱতী সকলে যুৱকৰ লগত সময় কটায়, বেয়া কাম কৰে। এইবোৰ ৰোধ কৰাৰ বাবে এই নিষেধাজ্ঞা জাৰি কৰা হৈছে।

লগতে কয় যে পৰিয়ালৰ লগত আহিলে বা বিয়া হোৱা লোক সকল আহিলে কোনো ধৰণৰ বাধ্য বাধকতা নাই। কিন্তু পাৰ্কৰ দৰে ভাবি যুৱক-যুৱতীয়ে ইয়াত লগ কৰিব, ভিডিঅ' বনাব নোৱাৰিব।

উল্লেখ্য যে,জামা মছজিদৰ তিনিওটা প্ৰৱেশ দ্বাৰত এখন জাননী জাৰি দিয়া হৈছে। য'ত লিখা আছে, "জামা মছজিদত যুৱতী আৰু যুৱতীৰ গ্ৰুপ অকলে প্ৰৱেশত নিষিদ্ধ।"

এই সন্দৰ্ভত মছজিদৰ ছাহী ইমামে কৈছে যে এই মছজিদলৈ বহু প্ৰেমিক প্ৰেমিকা আহে। সেইবাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছে। অন্যহাতে নামাজ পঢ়িবলৈ মছজিদলৈ আহিব পাৰিব বুলি কৈছে ইমাম গৰাকীয়ে।

এই জাননীৰ পাছতেই সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাষ্ট্ৰীয় মহিলা আয়োগেও এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে।

আৰু পঢ়ক: মহানগৰ আৰক্ষীক খবৰ দিয়ক, ২ লাখ পুৰস্কাৰ লওক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in