আৰক্ষী জিম্মাৰ পৰা আচামী পলায়ন

আচামীক বিচাৰি লামডিং বনাঞ্চলত হাহাকাৰ
আৰক্ষী জিম্মাৰ পৰা আচামী পলায়ন
আৰক্ষী জিম্মাৰ পৰা আচামী পলায়ন

ডিজিটেল সংবাদ,লামডিংঃ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীকলৈ বিভিন্ন সময়ত সভা-সমিতি আহ্বান কৰি অসম আৰক্ষীক গঠনমূলক দিহা পৰামৰ্শ দি আহিছে। মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত আৰক্ষীসকলকলৈ প্ৰায়েই সভা-সমিতি অনুষ্ঠিত কৰি আহিছে।

কিন্তু তাৰ মাজতে লামডিং আৰক্ষীয়ে উদঙালে নিজৰ ফপোলা স্বৰূপ। দেখুৱালে স্মাৰ্ট আৰক্ষীৰ নমুনা। লামডিং আৰক্ষীৰ গাফিলতিত নিশা আৰক্ষী জিম্মাৰ পৰা আচামী পলায়ন।

আচামী জন
আচামী জন

জানিব পৰা মতে আৰক্ষী তত্বাবধানত নিশা এজন চোৰক হেণ্ডকাপ লগাই লৈ হোজাই শংকৰদেৱ আদালতৰ পৰা লৈ অনাৰ সময়তে আৰক্ষী গাড়ীৰ পৰা পলায়ন কৰে লুহাৰ উপাধিৰ আচামী জনে । নিশা আচামীজনক বিচাৰি বনাঞ্চলে বনাঞ্চলে আৰক্ষীৰ অভিযান। আনহাতে চোৰ খেদি যোৱাৰ সময়তে এজন আৰক্ষী গুৰুতৰভাৱে আহত হয়।

শৰ্মা উপাধিৰ এগৰাকী আৰক্ষী বিষয়াৰ গাফিলতিতে এনে ঘটনা সংঘটিত হয় বুলি চৰ্চা লাভ কৰিছে। অৱশ্যে প্ৰায় ৫ ঘন্টা সময়ৰ অন্তত আচামীজনকক বিচাৰি উলিয়াবলৈ সক্ষম হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in