মৰঙিৰ ঢুলীয়া শিল্পী হিতেশ্বৰ হাজৰিকালৈ শিল্পী পেঞ্চন ঘোষণাত উৎফুল্লিত বৰ্ষীয়ান শিল্পী গৰাকী

মৰঙিৰ ঢুলীয়া শিল্পী হিতেশ্বৰ হাজৰিকালৈ শিল্পী পেঞ্চন ঘোষণাত উৎফুল্লিত বৰ্ষীয়ান শিল্পী গৰাকী

ডিজিটেল সংবাদ, নুমলীগড় : গোলাঘাট মৰঙিৰ ঢুলীয়া শিল্পী হিতেশ্বৰ হাজৰিকালৈ শিল্পী পেঞ্চন ঘোষণাত উৎফুল্লিত বৰ্ষীয়ান শিল্পী গৰাকী ৷ চৰকাৰ আহে আৰু যায় ৷ কিন্তু যোগ্যজনে নাপায় সন্মান ৷ এইবাৰ কিন্তু ব্যতিক্ৰম ৷ বিগত কুৰি বছৰে মৰঙিৰ দৰিদ্ৰ ঢুলীয়া ওজা হিতেশ্বৰ হাজৰিকাই শিল্পী পেঞ্চনৰ বাবে আবেদন কৰিছিল ৷ কিন্তু লাভ নকৰিলে শিল্পী পেঞ্চন ৷

সুদৃষ্টি পৰিল শিল্পী গৰাকীৰ ওপৰত । যোগ্যজনক প্ৰদান কৰা হ'ল প্ৰাপ্য সন্মান । শিল্পী হিতেশ্বৰ হাজৰিকাৰ নাম সন্নিৱিষ্ট হ’ল শিল্পী পেঞ্চনৰ তালিকাত ৷ ৮২ বৰ্ষীয় হিতেশ্বৰ হাজৰিকা অসুস্থ তথা শয্যাগত ৷ শিল্পী পেঞ্চনৰ বাবে নিৰ্বাচিত হোৱাত অত্যন্ত সুখী অনুভৱ কৰিছে বৰ্ষীয়ান শিল্পী গৰাকীৰ লগতে পৰিয়াল আৰু মৰঙিবাসী ৰাইজে ৷ মুখ্যমন্ত্ৰী গৰাকীৰ এই সিদ্ধান্তক ধন্যবাদ জনাইছে স্থানীয় ৰাইজে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in