৪ জুনত ৩০০ তকৈ অধিক আসনেৰে ইণ্ডিয়া মৰ্চাৰ চৰকাৰ হ'বঃ কেজৰিৱাল

৪ জুনত ৩০০ তকৈ অধিক আসনেৰে ইণ্ডিয়া মৰ্চাৰ চৰকাৰ হ'বঃ কেজৰিৱাল

ডিজিটেল ডেস্কঃ মঙলবাৰে এখন সংবাদমেল সম্বোধন কৰি বিজেপিক তীব্ৰ সমালোচনা কৰে দিল্লীৰ প্ৰধানমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। বিশেষকৈ ৩ টা বিষয় সন্দৰ্ভত সংবাদমেল সম্বোধন কৰা বুলি জনাই দিল্লীৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে।

প্ৰথমে তেওঁ কয় যে, ৪ জুনত মোডী চৰকাৰৰ পৰিৱৰ্তে ইণ্ডিয়া মৰ্চাই চৰকাৰ গঠন কৰিব। ৩০০ তকৈ অধিক আসনেৰে ইণ্ডিয়া মৰ্চাৰ চৰকাৰ গঠন হ'ব।এইবেলি নিৰ্বাচনক লৈ দেশৰ বহু লোকে সমীক্ষা কৰিছে। সমীক্ষাৰ ফলাফল অনুসৰি ৪ জুনত বিজেপি চৰকাৰ হাৰৰ সন্মুখীন হ'ব বুলিও কেজৰিৱালে মন্তব্য কৰে।

দ্বিতীয়তে, কেজৰিৱালে অমিত শ্বাহৰ দিল্লী ভ্ৰমণ সন্দৰ্ভত মন্তব্য কৰে। তেওঁ কয় যে, শ্বাহে জনসাধাৰণক অনৰ্গল গালি গালাজ কৰিছে। তেওঁৰ শত্ৰুতা মোৰ লগত গতিকে মোক গালি দিয়ক কিন্তু ৰাইজক একো নক'ব বুলিও আহ্বান জনায়। প্ৰধানমন্ত্ৰী মোডীয়ে অমিত শ্বাহক উত্তৰাধিকাৰী হিচাপে বাছি লৈছে।এই কথাতে শ্বাহ অহংকাৰ হৈ পৰিছে। প্ৰধানমন্ত্ৰী নহঁওতেই শ্বাহৰ অহংকাৰ হৈছে বুলিও কটাক্ষ কৰে কেজৰিৱালে

অমিত শ্বাহে আম আদমী পাৰ্টীৰ সহায়ক পাকিস্তানী সকল বুলি কৰা মন্তব্যক লৈও ক্ষোভ উজাৰে কেজৰিৱালে। তেওঁ কয় যে, দিল্লীৰ জনসাধাৰণে ৫৬ শতাংশ ভোট আৰু ৬২ খন আসন দি চৰকাৰ গঠন কৰিছে। দিল্লীৰ জনসাধাৰণ পাকিস্তানী নেকি? পঞ্জাৱৰ ৰাইজে ১১৭ খনৰ ভিতৰত ৯২ খন আসন দি চৰকাৰ গঠন কৰিছে। পঞ্জাৱৰ মানুহ পাকিস্তানী নেকি? গুজৰাটৰ জনসাধাৰণে ১৪ শতাংশ ভোট দিছিল গতিকে গোৱা,গুজৰাট,পাঞ্জাৱৰ লোকসকল পাকিস্তানী নেকি বুলি শ্বাহক প্ৰশ্ন কৰে।

তৃতীয়তে কেজৰিৱালে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক লক্ষ্য কৰি লৈ কয় যে, যোগী আদিত্যনাথো কালি দিল্লীলৈ আহি মোক উদ্দেশ্যি বহু কটু মন্তব্য কৰিছে। কিন্তু আপোনাৰ শত্ৰুবোৰ আপোনাৰ দলত বহি আছে। মোডী আৰু শ্বাহে মিলি ইতিমধ্যে যোগীক নিজ আসনৰ পৰা আঁতৰ কৰাৰ ষড়যন্ত্ৰ কৰিছে। গতিকে তেওঁলোকৰ সৈতে মোকাবিলা কৰক, মোক গালি-গালাজ কৰি কি পাব বুলি প্ৰশ্ন কৰে কেজৰিৱালে।

অৰবিন্দ কেজৰিৱালে কয় যে পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পূৰ্ণ হৈছে। নিৰ্বাচন সমাপ্ত হোৱাৰ লগে লগে মোডী চৰকাৰ যে ক্ষমতাৰ পৰা আঁতৰিব লাগিব সেয়া স্পষ্ট হৈ পৰিছে। এইবেলি ইণ্ডিয়া মৰ্চাই চৰকাৰ গঠন কৰিব আৰু দেশক স্বচ্ছ চৰকাৰ দিব।

৪ জুনত ৩০০ তকৈ অধিক আসনেৰে ইণ্ডিয়া মৰ্চাৰ চৰকাৰ হ'বঃ কেজৰিৱাল
ছিপাঝাৰত ৩৯৭টা ভূমি বেদখলকাৰী পৰিয়ালক উচ্ছেদ প্ৰশাসনৰঃ ২২৩টা পৰিয়ালে নিজেই এৰিলে ঘৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in