ডিজিটেল সংবাদ,চিলাপথাৰঃ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত অসমৰ ভূমিত অৰুণাচলীৰ নিৰ্মাণৰ চেষ্টা MGNREGA আঁচনিৰ অধীনত স্থায়ী পকীপথ।
দেওবাৰে পুৱাৰ ভাগতেই চুবুৰীয়া ৰাজ্যখনৰ প্ৰশাসনে কেইবাখনো বাহনত শিল-বালি, চিমেণ্ট আনি আৰম্ভ কৰে নিৰ্মাণ কাৰ্য। ঘটনাটো প্ৰত্যক্ষ কৰি ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। অসমৰ ভূমিত চৰকাৰী আঁচনি ৰূপায়ন কৰি ব্যাপক বেদখলৰ ব্লুপ্ৰিণ্ট চলোৱা অৰুণাচলৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল স্থানীয় ৰাইজ। উক্ত ঘটনা সন্দৰ্ভত অসমৰ ডিমৌ টহলদাৰী আৰক্ষী চকীক অৱগত কৰা হয় ।
ডিমৌ গাওঁ পঞ্চায়তৰ দিপাৰ ন-নাৰী গাঁৱৰ ৬ নং ৱাৰ্ডত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতেই অৰুণাচলীয়ে তেল ডিপো, ৱাইন চ'প নিৰ্মাণৰ পিছতেই আৰম্ভ কৰিছে এই স্থায়ী পথ নিৰ্মাণ কাৰ্য।
অসমৰ বাসিন্দাই যুগ যুগ ধৰি বসবাস কৰি অহা ভূমিত অৰুণাচলীৰ এনে কাৰ্যকলাপত জাঙুৰ খাই উঠিছে ৰাইজ। অসম আৰক্ষী প্ৰশাসন ঘটনাস্থলীত উপস্থিত হৈ অবৈধ ভাৱে নিৰ্মাণ কৰি থকা পথৰ কাম বন্ধ কৰি দিয়ে।
অসম চৰকাৰে অসম-অৰুণাচলৰ এই সীমা সমস্যা সমাধানত অৱহেলা কৰা বাবে এনে ধৰনৰ কাৰ্য পুনৰাবৃত্তি হোৱা বুলি ৰাইজে সদৰি কৰে ।