অৰুণাচল প্ৰদেশত দেহ ব্যৱসায়ী চক্ৰ উৎখাতঃ নাবালিকা উদ্ধাৰ

অৰুণাচল প্ৰদেশত দেহ ব্যৱসায়ী চক্ৰ উৎখাতঃ নাবালিকা উদ্ধাৰ

ডিজিটেল সংবাদ,ইটানগৰঃ অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত আৰক্ষীয়ে অভিযান চলাই দেহ ব্যৱসায়ৰ এটা বৃহৎ চক্ৰ উৎখাত কৰে। ১০ ৰ পৰা ১৫ বছৰ বয়সৰ কিশোৰীক বলপূৰ্বক দেহ ব্যৱসায়ত নিয়োগ কৰিছিল ইটানগৰৰ টেছি ৰিনা আৰু জামলো টাগুং নামৰ দম্পতীয়ে।

এই চক্ৰটোৱে ইটানগৰত কৰ্ম সংস্থাপনৰ প্ৰলোভন দি ধেমাজী আৰু গহপুৰৰ পৰা ৪ গৰাকী কিশোৰীক সৰবৰাহ কৰি দেহ ব্যৱসায় কৰিবলৈ বাধ্য কৰিছিল। কিশোৰী সৰবৰাহৰ মূল অভিযুক্ত ইটানগৰতে বসবাস কৰা অসমৰ ধেমাজিৰ দুই ভগ্নী পুষ্পাঞ্জলী মিলি (টুটু) আৰু পূৰ্ণীমা মিলি।

ইটানগৰৰ বিবেক বিহাৰত পম্পী-ৰস্নী নামৰ এখন বিউটি পাৰ্লাৰত কাম কৰে মিলি ভগ্নীদ্বয়ে। আন দুজন কিশোৰী সৰবৰাহকাৰী হৈছে গহপুৰৰ পুষ্পা মন্দল আৰু লক্ষ্মী গৌড়। এই কাৰ্যত পুষ্পাঞ্জলীৰ স্বামী দৰং জিলাৰ ইনামুল হ'কেও দালালৰ ৰূপত কাম কৰিছিল।

ৱাটছআপত নাবালিকাৰ ফটো দেখুৱাই গ্ৰাহক আনি দিছিল ইটানগৰৰ টেছি ৰিনা আৰু জামল' টাগুং নামৰ এহাল দম্পতীয়ে। ইটানগৰৰ চিম্পুত থকা ৰিনাৰ বাসগৃহৰ লগতে ইটানগৰৰ চেন্টাৰ পইন্ট হোটেল আৰু মাৰ্পি হোটেলত কিশোৰী কেইগৰাকীক গ্ৰাহকৰূপী নৰপিশাচৰ হাতত সপি দিছিল।

মোটা অংকৰ ধন লৈ ৰমৰমীয়া দেহ ব্যৱসায় চলাই থকা এই চক্ৰটোৰ বিষয়ে ৪ মে'ত আৰক্ষীয়ে তথ্য লাভ কৰে আৰু অভিযান আৰম্ভ কৰে। আৰক্ষীয়ে নাবালিকাৰ লগত যৌনকাৰ্য কৰাৰ অপৰাধত বহু গ্ৰাহককো গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা গ্ৰাহকৰ মাজত আছে স্বাস্থ্য বিভাগৰ উপ-সঞ্চালক ডা. চেনলাৰ ৰন্যা,সহকাৰী অভিযন্তা টাকাম লংদিপ, কনিষ্ঠ অভিযন্তা মিছি টাবিন, গাণনিক বিষয়া দেবিয়া টাৰা, মাৰুতি ডিলাৰ এটাৰ মেনেজাৰ সুশীল শীল, প্ৰাক্তন জিলা পৰিষদৰ সদস্য নীলম মাংহাকে ধৰি মুঠ ৮ জন ব্যক্তি।

ঘটনা সন্দৰ্ভত চৰকাৰী কৰ্মচাৰী কেইজনৰ সংশ্লিষ্ট বিষয়াক অৱগত কৰিছে। ইটানগৰ কেপিটেল কমপ্লেক্স জিলাৰ আৰক্ষী অধীক্ষক ৰোহিত ৰাজবীৰ সিঙে এক সংবাদমেলত এই কথা সদৰি কৰে যে, নাবালিকা কেইগৰাকীক নিৰ্যাতন চলোৱা আন গ্ৰাহকবোৰকো গ্ৰেপ্তাৰ কৰা হ'ব। উদ্ধাৰ কৰা নাবালিকা ৪ গৰাকীক আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষাৰ অন্তত সুৰক্ষিত স্থানলৈ প্ৰেৰণ কৰি পৰিয়ালৰ লোকক খবৰ দিয়ে।

অসমৰ পৰা প্ৰলোভন দি ইটানগৰলৈ অনা মুঠ ৪ গৰাকী নাবালিকাক এবছৰ ধৰি দেহ ব্যৱসায়ত নিয়োগ কৰিছিল চক্ৰটোৱে। ইয়াৰে এগৰাকীৰ বৰ্তমান বয়স ১০ বছৰ যদিও ৮ বছৰ বয়সতে তাইক ধেমাজীৰ পৰা পুষ্পাঞ্জলীয়ে ইটানগৰলৈ লৈ আনি দেহ ব্যৱসায়ত নিয়োগ কৰিছিল।

অৰুণাচল প্ৰদেশত দেহ ব্যৱসায়ী চক্ৰ উৎখাতঃ নাবালিকা উদ্ধাৰ
হাতত ৱাকি টকী লৈ কিদৰে কাজিৰঙাত সোমাল টুৰিষ্ট গাইড..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in