/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/1806aa45-5b3b-4607-b657-a0eee70b30a8/AP_FOR_WEB_new_format__1_.jpg)
ডিজিটেল সংবাদ,কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত এজন টুৰিষ্ট গাইডৰ হাতত এটা ৱাকি টকী। সামাজিক মাধ্যমত ভাইৰেল হোৱা কেইখনমান ফ'টোৱে কাজিৰঙাত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ মিহিমুখ প্ৰৱেশ দ্বাৰৰ ভিতৰত টুৰিষ্ট গাইড এজনৰ হাতত ৱাকি টকী থকা ফটো সম্বলিত ফেচবুক পোষ্টটো ভাইৰেল হোৱাৰ পাছতে মিহিমুখ প্ৰৱেশদ্বাৰৰ নিৰাপত্তা ব্যৱস্থাত থকা সুৰুঙা পৰিস্ফুট হৈছে ৷
নিয়ম অনুসৰি ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰাৰ পূৰ্বে প্ৰতিখন বাহন তন্নতন্নকৈ পৰীক্ষা কৰা হয়।পৰ্যটকৰ বেগৰ তালাচি কৰাটো বিভাগীয় নিয়ম,যাতে পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ কোনো আপত্তিকৰ সামগ্ৰী নিব নোৱাৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/c0f7ac04-afd2-4f56-a50f-110d7b2d80b0/542098da_e5e1_4fa5_952f_e82b7c6ab7b6.jpg)
ইয়াৰ বিপৰীতে ইমান পৰীক্ষা নিৰীক্ষাৰ পাছতো ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত এজন টুৰিষ্ট গাইডৰ হাতত ৰাষ্ট্ৰীয় উদ্যানৰ নিৰাপত্তাৰ দিশত ক্ষতি সাধনৰ সম্ভাৱনা থকা এটা ৱাকি টকী কেনেদৰে থাকিবলৈ পালে তাকেলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ অভিযোগ মতে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই নিজৰ দুৰ্বলতা ঢাকিবলৈ এতিয়া বিষয়টোৰ ওপৰত তদন্তৰ ব্যৱস্থা নকৰি কেৱল পৰ্যটকৰ বাহনখন ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰাত নিষেধাজ্ঞা জাৰি কৰিছে ।
উল্লেখ্য যে, পৰ্যটকৰ বাহন চলাই পৰিয়াল পোহপাল দিয়া বাহনখন বন্ধ কৰি বনবিভাগে দায় সাৰিব বিচৰা কাৰ্যৰ বিৰোধিতা কৰিছে সচেতন লোক সকলে।এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই সমগ্ৰ বিষয়টো তদন্তৰ ব্যৱস্থা কৰি প্ৰকৃত দোষীক শাস্তি প্ৰদানৰ দাবী কৰিছে ৷
Also Read: কাজিৰঙাত প্রচণ্ড গুলীয়াগুলীঃ নিহত ১