চাৰিওফালে পদুম কেৱল পদুমঃ অৰুণাচলত অপ্ৰতিৰোধ্য বিজেপি...

চাৰিওফালে পদুম কেৱল পদুমঃ অৰুণাচলত অপ্ৰতিৰোধ্য বিজেপি...

ডিজিটেল ডেস্কঃ অৰুণাচলত বিশাল জয় বিজেপিৰ। পূৰ্বে ধাৰণা কৰা ধৰণেই অৰুণাচলত ফুলিল পদুম। নিৰ্বাচনৰ পূৰ্বেই বিনা প্ৰতিদ্বন্দ্বিতাৰে ১০টা সমষ্টিত বিজয় লাভ কৰা বিজেপিয়ে লাভ কৰা মুঠ আসনৰ হৈছে ৪৬খন। সকলো বিৰোধীক একপ্ৰকাৰৰ তচনচ কৰি বিজেপিয়ে এই নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে।

ইফালে মুঠ ৬০খন আসনৰ ভিতৰত বিজেপিয়ে ৪৬খন আসন দখল কৰাৰ পৰিৱৰ্তে  এন পি য়ি পি দলে ৫খন আসন নিজৰ দখলত ৰাখিবলৈ সক্ষম হয়।  ইফালে ৰাজ্যখনত পি পি এ দলে ২খন আৰু এন চি পিয়ে ০৩খন আসন দখল কৰে। ৰাজ্যখনত এইবাৰ আই এন চি হাতলৈ যায় ১খন আসন আৰু ৩গৰাকী নিদৰ্লীয় প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰে।

বিৰোধীৰ দখলত থকা সমষ্টিকেইটা-

টাৱাং, লিঅমবা, পাচিঘাট(ইষ্ট), মাৰিয়াং আৰু লংডিঙ সমষ্টিকেইটাত এন পি য়ি পিৰ প্ৰাৰ্থী জয়ী হৈছে। দৈমুখ আৰু মেব সমষ্টিত পিপলছ পাৰ্টি অৱ অৰুণাচল চমুকৈ পি পি এ দলৰ প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিছে।

ৰাজ্যখনত কোনে পালে কিমান আসন-

নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰা বিজেপিয়ে অৰুণাচলত ৫৪.৫৭শতাংশ ভোট লাভ কৰিছে। কংগ্ৰেছে ৫.৫৬শতাংশ ভোট, এন চি পিয়ে ১০.৪৩শতাংশ, NPEPএ লাভ কৰিছে ১৬.১১শতাংশ ভোট। ৰাজ্যখনত পি পি এ দলে ৭.২৪শতাংশ ভোট আৰু অন্যন্যাই লাভ কৰিছে ৫.২৬শতাংশ ভোট। অৰুণাচলতো এইবেলি নটাত পৰিল ০.৬৬ শতাংশ ভোট।

উল্লেখ কৰা প্ৰয়োজন যে, নিৰ্বাচনৰ পূৰ্বেই বিজেপিৰ ১০গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছিল। ৰাজ্যখনত বিজেপিৰ পৰ্যবেক্ষক হিচাপে থকা অশোক সিংঘালৰ নেতৃত্বত বিজেপিয়ে বিশেষ কিছু ৰণনীতে এইবেলি নিৰ্বাচনত অৱতীৰ্ণ হৈছিল।

ইফালে আজি ফলাফলৰ পাছতে ইটানগৰৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত উৎসৱমুখৰ পৰিবেশ বিৰাজ কৰিছে। ফটকা ফুটাই আৰু মিঠাই বিতৰণ কৰি বিজেপিৰ কাৰ্যকৰ্তাসকলে আনন্দ কৰে। মুখ্যমন্ত্ৰী পেমা খান্দু আৰু অৰুণাচল প্ৰদেশৰ বিজেপিৰ নিবাৰ্চনী পৰ্যবেক্ষক অসমৰ মন্ত্ৰী অশোক সিংঘাল উপস্থিত থাকি ভোটগণনা পৰ্যবেক্ষণ কৰে।

চাৰিওফালে পদুম কেৱল পদুমঃ অৰুণাচলত অপ্ৰতিৰোধ্য বিজেপি...
ছিকিমত অব্যাহত থাকিল SKMৰ ৰাজত্বঃ কংগ্ৰেছতকৈ দুগুণ বেছি ভোট পৰিল NOTAত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in