থিয় হৈ পূজা কৰিলে ভগৱান কেতিয়াও সন্তুষ্ট নহয়!

থিয় হৈ পূজা কৰিলে ভগৱান কেতিয়াও সন্তুষ্ট নহয়!

author-image
Asomiya Pratidin
New Update
থিয় হৈ পূজা কৰিলে ভগৱান কেতিয়াও সন্তুষ্ট নহয়!

ডিজিটেল ডেস্কঃ ভগৱানক আপুনি কেনেকৈ পূজা কৰে? কি পদ্ধতিৰে পূজা কৰে ভগৱানক? যদিও কোৱা হয় যে, নেদেখাজনক আৰাধনা কৰাৰ নিৰ্ধাৰিত কোনো নিয়ম নাই, তথাপি কিছুমান বিশেষ নীতি-নিয়মৰ মাজেদি ভগৱানক আৰাধনা কৰিলে তেওঁ প্ৰসন্ন হয় বুলি ধৰা হয়।

Advertisment

যেতিয়া আপুনি ভগৱানক পূজা কৰে, তেতিয়া সদায়ে মনত ৰাখিব যে কাষৰ পৰিৱেশটো চাফ-চিফুন হয়। নিয়মিতভাৱে পূজা কৰাৰ আগেয়ে সদায়েই আপুনি থাপনাখন চাফা কৰি লব। পুৰণি ফুল-নৈবদ্যখিনি যথাসম্ভৱ পৰিস্কাৰ কৰি নতুন ফুল-নৈবদ্য ৰাখিহে পূজা কৰিব। এনে কৰিলে দেখিব আপোনাৰ মনৰ প্ৰশান্তিৰ লগতে মনৰ বাঞ্চাও পূৰ্ণ হব।

কোনো মন্দিৰ বা ভগৱানক থিয় হৈ পূজা নাইবা সেৱা নকৰিব। কোনো এখন আসনত বহিহে পূজা কৰিব লাগে। বিনা আসনত বহি পূজা কেতিয়াও কৰিব নালাগে বুলি শাস্ত্ৰত উল্লেখ আছে। থিয় হৈ পূজা বা সেৱা কৰিলে সেয়া কেতিয়াও ফলপ্ৰসূ নহয় বুলি শাস্ত্ৰত উল্লেখ আছে।

পূজা বা ভগৱানক সেৱা কৰাৰ পৰত মন্ত্ৰ উচ্চাৰণ কৰিব লাগে বুলি কোৱা হয়। মন্ত্ৰ উচ্চাৰণ কৰি পূজা কৰিলে সেই পূজা সাৰ্থক হয় আৰু ইয়াৰ পৰা ধনাত্মক প্ৰভাৱ আপোনাৰ জীৱনত পৰে বুলি গণ্য কৰা হয়। কিন্তু এটা কথা সদায়েই মনত ৰাখিব যে, মন্ত্ৰ উচ্চাৰণ যাতে শুদ্ধ আৰু সঠিক হয়।

Also Read: বীণাপাণি যুৱ মঞ্চৰ উদ্যোগত সদৌ অসম ভিত্তিত আধুনিক নৃত্য প্ৰতিযোগিতাৰ আয়োজন

god prayer temple latest god worship of God